আজি মহাসতী জয়মতীৰ ৩৪২ সংখ্যক মৃত্যু দিৱস।সতী জয়মতীৰ আত্মবলিদান অসমৰ ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়।

লৰা ৰজাৰ কুশাসনৰ পৰা দেশ মুক্ত কৰিবৰ বাবে তুংখুঙীয়া ফৈদৰ ৰাজকোঁৱৰ গদাধৰক পলুৱাই পঠিয়াই নিজে চাওদাঙৰ অসহনীয় অত্যাচাৰ মূৰপাতি লৈছিল জয়মতী কুঁৱৰীয়ে।এইগৰাকী আহোম ৰমনীয়ে কুটকৰা গছত বান্ধ খাই, চাওদাঙৰ সৌকাৰ কোব পৰাৰ পাছতো দিয়া নাছিল গদাধৰৰ ঠিকনা।

লৰা ৰজাৰ অত্যাচাৰ সহি অৱশেষত প্ৰাণ ত্যাগ কৰা জয়মতীয়ে দেশপ্ৰেমৰ এক বিৰল গাঁথা দি ইতিহাসক দি থৈ গল।

মৃত্যুৰ ৩৪২ বছৰৰ পাছতো আজিও অসমৰ প্ৰেক্ষাপটত প্ৰাসংগিক জয়মতী।

সেয়েহে আজি আহোম সেনাৰ উদ্যোগত শিৱসাগৰৰ ঐতিহাসিক ফাকুৱা দ’লত সতী গৰাকীক স্মৰণ কৰি পালন কৰা হৈছে বানফি।

উপৰিপুৰুষৰ এই স্মৰণ অনুষ্ঠানত সতী গৰাকীক সোঁৱৰাৰ লগতে দেশ আৰু জাতিৰ প্ৰতি আগবঢ়াই যোৱা ত্যাগক শ্ৰদ্ধা প্ৰদৰ্শন কৰা হয়।

সেইদৰে টাইপা, আহোম সেনা, আহোম জাতীয় মহাসভা আৰু সদৌ অসম আহোম সভাৰ উদ্যোগত জয়মতীৰ স্মৃতি বিজড়িত জয় দ’লত পালন কৰা হয় ফুৰালং।

মুঠৰ ওপৰত সতী জয়মতীয়ে শেষনিশ্বাস ত্যাগ কৰা জয়সাগৰ পুখুৰীৰ পাৰত আজি জয়া দিৱসত সতী গৰাকীক স্মৰণ কৰাৰ লগতে অকৃত্ৰিম শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply