সোণাপুৰ : আজি সোণাপুৰ জিলা চিকিৎসালয়ত ‘জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণ অভিযান’ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ১৫ ৰ পৰা ৬৫ বছৰ বয়স সামৰি আৰম্ভ কৰা এই অভিযানে জাপানীজ এনকেফেলাইটিছৰ দ্বাৰা প্ৰভাৱিত মুঠ ৯৯ টা খণ্ড সামৰি ল’ব।

এই অনুষ্ঠানতে ‘কেয়াৰ ইণ্ডিয়া’ই ৰাজ্যৰ দুৰ্গম অঞ্চলত ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে স্বাস্থ্য বিভাগলৈ আগবঢ়োৱা ২৮ খন ভ্ৰাম্যমান ক’ভিড প্ৰতিষেধক বাহনক পতাকা জোকাৰি বিভিন্ন জিলালৈ প্ৰেৰণ কৰে। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ পৰিচালনা সঞ্চালক ডাঃ এছ লক্ষ্মণন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক মুনিন্দ্ৰ নাথ নাটে, স্বাস্থ্য বিভাগৰ উপ সচিব কমলজিৎ তালুকদাৰ, চিকিৎসালয়খনৰ অধীক্ষককে ধৰি স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ লগতে ‘কেয়াৰ ইণ্ডিয়া’ৰ বিষয়া সকল।

লগতে পঢ়ক : মহা সপ্তমীৰ দিনা শিলচৰৰ কাঁচাকান্তি মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

আজিৰ এই মহা সপ্তমীৰ পৱিত্ৰ দিনত ৰাইজৰ বাবে সেৱা আগবঢ়াই থকা সমুহ স্বাস্থ্য কৰ্মীক ধন্যবাদ জ্ঞাপন কৰি শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন আৰু বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ‘কেয়াৰ ইণ্ডিয়া’ই গ্ৰহণ কৰা পদক্ষেপৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply