গুৱাহাটী – প্ৰথমে SI, তাৰ পিছত JEE, এইবাৰ অসমত সংঘটিত হৈছে ITBP পৰীক্ষাত কেলেংকাৰী। ঘটনাৰ স্থান পুনৰ আজাৰা। নীল নক্ষত্ৰ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ দুদিন পিছতেই এইবাৰ আকৌ ITBPৰ পৰীক্ষাৰ ভুৱা পৰীক্ষাৰ্থী আটক হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত পাটগাওস্থিত BSFৰ গুৱাহাটীৰ ফণ্টিয়াৰ মুখ্য কাৰ্যালয়ত যোৱা বুধবাৰে অনুষ্ঠিত হোৱা ITBPৰ শাৰীৰিক পৰীক্ষাত এগৰাকী ভুৱা পৰীক্ষাৰ্থী আটক হয়।

চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত হালীপাৰাৰ কানেশ্বৰ দৈমাৰীৰ পুত্ৰ জনক দৈমাৰীয়ে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও মেডিকেল পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে। পিছত দৈমাৰীয়ে পুনৰ মেডিকেল পৰীক্ষা বাবে আবেদন জনাই। সেইমৰ্মে পাটগাঁওস্থিত BSFৰ কাৰ্যলয়ত অনুষ্ঠিত হোৱা ৰি–মেডিকেল টেষ্টত প্ৰাৰ্থী জনক দৈমাৰীৰ সলনি খুৰাকৰ ল’ৰা কৰমচাত বসুমতাৰী উপস্থিত হয়।

কিন্তু পূৰ্বৰ মেডিকেল টেষ্টৰ লগত উচ্চতা ওজন আদিৰ লগত মিল নথকাত সন্দেহ ওপজে। লগে লগে জেৰা কৰাত প্ৰকৃত সত্য পোহৰলৈ আহে। BSF কৰ্তৃপক্ষ‌ই আজাৰা থানাত এজাহাৰ দাখিল কৰাৰ পিছত দুয়োজনকে গ্ৰেপ্তাৰ কৰি বৰ্তমান আজাৰা থানাত জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply