নিউজ ডেস্ক– ৰাজনীতিৰ পথাৰত নতুনকৈ ভুমুকি মৰা অভিনেত্ৰী জেৰিফা ৱাহিদে পাঁচ মাহতেই দল সলনি কৰিলে নতুন ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ পৰা ওলাই আহি এইবাৰ সোমাল অসম জাতীয় পৰিষদত ।আজি অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত বিশিষ্ট অভিনেত্ৰী জেৰিফা ৱাহিদসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ উপস্থিতিত দলটোত যোগদান কৰে।
কিছুদিনৰ পূৰ্বে এক মন্তব্যত ৰাইজৰ দলত কাম কৰাত বাধাৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিছিল অভিনেত্ৰীগৰাকীয়ে।
অসম জাতীয় পৰিষদত যোগদান কৰি অভিনেত্ৰী জেৰিফা ৱাহিদে কয় , “ৰাইজৰ দলত থাকি কাম কৰাৰ ক্ষেত্ৰত ভাল লগা নাছিল। সেইকাৰণে মই ৰাইজৰ দলৰ পৰা অসম জাতীয় পৰিষদত যোগদান কৰিছো। ইয়াত কাম কৰাৰ ক্ষেত্ৰত কিছু সুবিধা লাভ কৰিম।কিন্তু জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত কোনো মতানক্য নাই।ৰাইজৰ দলৰ সকলো প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়ী হওক।’
জেৰিফা ৱাহিদে লগতে কয় যে, ‘ৰাইজৰ দলৰ পৰা প্ৰাৰ্থিত্ব বিচৰা নাছিলো, কিন্তু মোক প্ৰাৰ্থিত্ব দি আছিল। প্ৰথমে ভৱানীপুৰ, সৰুক্ষেত্ৰী আৰু দলগাওঁৰ পৰা টিকট দিছিল। মই নাকচ কৰিছিলো।নতুন দলটোৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ মোৰ সাহস নাই সেইবাবেই মই ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দিতা নকৰো বুলি তেওঁলোকক জনাইছিলো।’
ইয়াৰ উপৰিও অসম জাতীয় পৰিষদত যোগদান কৰে পূব গোৱালপাৰা সমষ্টিৰ চাৰিবাৰৰ বিধায়ক গিয়াছুদ্দিন আহমেদৰ পুত্ৰ ডা° আনিছ আহমেদ, অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক সম্ভীদ শৰ্মা আমছুৰ ৰাজ্যিক প্ৰাক্তন সভাপতি জহিৰুল হক,
প্ৰাক্তন ছাত্ৰনেতা জহিৰুল ইচলাম, আৰু সমাজ সেৱক আবুল কালাম |