জামুগুৰিহাটঃ জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত অব্যাহত আছে জীয়া ভৰলী নদীৰ গৰাখহনীয়া।

যোৱা দুটাদিনত চামধৰাত নদীৰ ভয়াবহ গৰাখহনীয়াই শংকিত কৰি তুলিছে দহখনৰো অধিক গাঁৱৰ ৰাইজক।

দিনে-নিশাই অব্যাহত থকা গৰাখহনীয়াই নদীখনৰ কাষত থকা এটা বান্ধ খহাই পেলোৱাত নিকটৱৰ্ত্তী গাওঁসমূহৰ ৰাইজৰ ভয় আৰু শংকা দুগুণে বৃদ্ধি পাইছে।

লগতে পঢ়কঃনামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ বিপদসীমাৰ ওপৰেদি বৈছে পানী

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই চামধৰাৰ গৰাখহনীয়া অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সাময়িক ভাৱে গৰাখহনীয়া ৰোধ কৰাৰ বাবে জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত আলোচনা কৰি পকী পাকুপাইনৰ লগতে বাঁহৰ পাকুপাইন পেলাই গৰাখহনীয়া ৰোধৰ চেষ্টা হাতত লৈছে।

ইফালে অহা বৰ্ষত চামধৰা অঞ্চলত জীয়া ভৰলীৰ গৰাখহনীয়া ৰোধৰ বাবে স্থায়ী পদক্ষেপ লোৱা হ’ব বুলিও বিধায়ক গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply