নিউজ ডেস্কঃ বুধবাৰৰ পৰা গুৱাহাটীবাসীয়ে লাভ কৰিব জাইকাৰ পানী। মন্ত্ৰী অশোক সিংঘালে আজি কয় যে- বুধবাৰে খাৰঘূলিস্থিত জাইকা প্ৰকল্পৰ উদ্বোধন কৰা হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা। 

মন্ত্ৰীগৰাকীয়ে লগতে কয়- কালিৰ পৰা এই প্ৰকল্পযোগে পানী যোগান ধৰা হ’ব। আৰু মই গুৱাহাটীবাসীক আহ্বান জনাইছো যে, মহানগৰবাসীয়ে পানী সংযোগৰ বাবে আৱেদন কৰা আৰম্ভ কৰিব লাগে। 

উল্লেখ্য যে, সোমবাৰে মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীৰ কাহিলীপাৰাৰ নলা-নৰ্দমাসমূহ পৰিদৰ্শন কৰে।  লগতে বৰাগাঁৱৰ আৱৰ্জনা থলীও পৰিদৰ্শন কৰি ইয়াৰ বৰ্তমানৰ কাৰ্যকাৰিতা সন্দৰ্ভত বুজ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply