নিউজ ডেস্কঃ শিল সাঁকোত থকা জিঞ্জাৰ হোটেলক অসম চৰকাৰে কৰিব অধিগ্ৰহণ।
কেৱল জিঞ্জাৰ হোটেলই নহয় মহানগৰীৰ শিলসাঁকো বিল অঞ্চলত থকা ১৭ টা প্ৰতিষ্ঠানৰ নামত অৱণ্টিত ১৭৯ বিঘা ১৭ লেচা ভূমি অধিগ্ৰহণ কৰিব অসম চৰকাৰে।
এই ১৭ টা প্ৰতিষ্ঠানৰ ভিতৰত আছে হোটেল মেনেজমেণ্ট, অসম সাহিত্য সভা, সদৌ অসম টেনিছ এচ’ছিয়েশ্যন, কোচ ৰাজংবশী সন্মিলনী, অমিয় কুমাৰ দাস ইনষ্টিটিউট, চাহ শ্ৰমিক কল্যাণ পৰিষদ, অসম বিধানসভাৰ সচিবালয়ৰ বিষয়া আৱাসগৃহ আদি।
উল্লেখযোগ্য যে, GMD য়ে শেহতীয়াকৈ শিল সাঁকো বিলত উচ্ছেদ অভিয়ান চলাইছিল। কিন্তু তাৰে কিছুমান প্ৰতিষ্ঠান বাদ পৰি ৰৈছিল । যাক লৈ মানুহৰ মাজত প্ৰতিক্ৰিয়া দেখা দেখা গৈছিল যে জিঞ্জাৰ হোটেল, অমিয় কুমাৰ দাস ইনষ্টিটিউট আদি প্ৰতিষ্ঠান উচ্ছেদৰ পৰা বাদ পৰি ৰৈ যাব নেকি।