নিউজ ডেস্কঃ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী অসম কন্যাই। জিন্টিমণি কলিতা নামৰ অসমৰ খেলুৱৈ গৰাকীয়ে ভাৰতীয় মহিলা ১৯ বছৰ অনূৰ্ধ ক্ৰিকেট দলত স্থান লাভ কৰিছে।

জানিব পৰা মতে, অহি ১৩ নবেম্বৰৰ পৰা ১৯ নবেম্বৰলৈ ভাইজাগত বিচিচিআইৰ দ্বাৰা অনুষ্ঠিত হ’ব দুখন মেচ। এই মেচ দুখনত ভাৰতীয় মহিলা ক্ৰিকেট দলটো সমুখীন হ’ব শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ।

এই দুয়োখন মেচত ভাৰতীয় মহিলা দলটোক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে অসম কন্যা জিন্টিমণি কলিতাই। জিন্টিমণি হৈছে লেফ্ট হেণ্ডেড বেটছমেন আৰু ফাষ্ট মিডিয়াম ৰাইট আৰ্ম বলাৰ।

উল্লেখযোগ্য যে, ২০০৩চনত জিন্টিমণিয়ে দৰঙৰ মঙলদৈত জন্মগ্ৰহণ কৰিছিল। সৰুৰে পৰা ক্ৰীড়া জগতখনৰ প্ৰতি আগ্ৰহী জিন্টিয়ে ২০১৭চনৰ পৰা ক্ৰিকেট প্ৰেকটিচ আৰম্ভ কিৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply