নিউজ ডেস্কঃ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলৈ গৈ থকা ৱমেন প্ৰিমিয়াৰ লীগ (Women’s Premier League)ত স্থান লাভ কৰিছে অসমৰ জিণ্টিমণি কলিতাই । সোমবাৰে মুম্বাইত ডব্লিউপিএল ৰ বাবে অনুষ্ঠিত নিলাম অনুষ্ঠানত মুম্বাই ইণ্ডিয়ানছে জিণ্টিমণিক ১০ লাখ টকাত চুক্তিবদ্ধ কৰে।
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিয়ানক হৰমনপ্ৰীত কৌৰৰ দলতেই স্থান লাভ কৰিছে মঙলদৈৰ অলৰাউণ্ডৰ জিণ্টিমণি কলিতাই ।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দলত স্থান লাভ কৰি খুবেই আনন্দিত বুলি জিণ্টিমণিয়ে জনাই লগতে ডব্লিউপিএল ত ভাল প্ৰদৰ্শন কৰি আহিব লগীয়া সময়ত ভাৰতীয় দলত স্থান লাভৰ ইচ্ছা থকাৰ কথাও প্ৰকাশ কৰে।
উল্লখযোগ্য যে, জিণ্টিমণি বৰ্তমান ভাৰতীয় মহিলা ১৯ অনুৰ্ধৰ এ গ্ৰুপৰ সদস্য হোৱাৰ লগতে অলপতে ভাৰত, শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হোৱা এক শৃংখলাত শ্ৰীলংকাৰ বিৰুদ্ধে ৩ টা উইকেট আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২ টা উইকেট ল’বলৈ সক্ষম হৈছিল।
লগতে পঢ়ক – Women’s Premier League: ৩.৪০ কোটি টকাত চুক্তিবদ্ধ মহাৰাষ্ট্ৰৰ স্মৃতি