বৈঠালাংছ’ৰ পৰা জাচন ইংহি: জনসাধাৰণক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ মানসেৰে চৰকাৰে ৰূপায়ন কৰিছে “জল জীৱন মিচন” আঁচনি ৷ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ ১ নং দোৱাৰ আমলা পৰিষদীয় সমষ্টিৰ তামোলবাৰী আৰু বুঢ়াজুংথু গাঁৱত জলজীৱন মিছন আঁচনি অধীনৰ দুটাকৈ পানীযোগান আঁচনিৰ শুভউদ্বোধন কৰে ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেণছিং বে’য়ে ৷
হামৰেণ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত এই আঁচনিৰ জৰিয়তে সৰ্বমুঠ ছশ ঘৰ হিতাধিকাৰীয়ে উপকৃত হ’ব বুলি জানিব পৰা গৈছে ৷ সৰ্বমুঠ ২.১৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই আঁচনি দুটাৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ ৰাইজে এতিয়া বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হ’ব ৷
অনুষ্ঠানত সাংসদ হৰেণছিং বে’ৰ উপৰিও পাৰিষদ প্ৰভাত চন্দ্ৰ তাৰ’, গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ গজেন ক্ৰ, বৈঠালাংছ’ সমবায় সমিতিৰ অধ্যক্ষ ৰবিছন টেৰনৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷