নিউজ ডেস্ক : অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত খালী হোৱা পদৰ নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে। অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থী সকলে diprexam21@gmail.com ত ই-মেইল কৰি অনলাইন আৱেদন কৰিব পাৰে।

আৱেদনৰ সৈতে প্ৰাৰ্থীসকলে এখন শেহতীয়া পাচপৰ্ট ছাইজ ফটো আৰু যাৱতীয় ডকোমেণ্টচ চেল্ফ এটেস্ট কৰি পঠাব লাগিব। আৱেদনৰ অন্তিম তাৰিখ ১০ জুলাই. ২০২১।

অৱশ্যে আটাইকেইটা পদত নিযুক্তি সম্পুৰ্ণ ঠিকাভিত্তিক হ’ব বুলি বিভাগীয় বিজ্ঞাপনত জনোৱা হৈছে।

পদ সমূহ হৈছে : হিন্দী অনুবাদক তথা কণ্টেণ্ট ৰাইটাৰ (১টা পদ), বেংগলী অনুবাদক তথা কণ্টেণ্ট ৰাইটাৰ (১টা পদ), বড়ো অনুবাদক তথা কণ্টেণ্ট ৰাইটাৰ (১টা পদ)।

শিক্ষাগত অৰ্হতা : হিন্দী/বেংগলী/বড়ো ভাষাক এম আই এল বিষয় হিচাপে লৈ স্নাতক উত্তীৰ্ণ। প্ৰাৰ্থী গৰাকীয়ে ইংৰাজীৰ লগতে হিন্দী/বেংগলী/বড়োত ভালদৰে ডিটিপি কৰিব পাৰিব লাগিব।

দৰমহা : মাহিলি ৩১ হাজাৰ টকা।

বয়সৰ সময়সীমা : ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত। এছ টি, এছ চি প্ৰাৰ্থীৰ বাবে ৫ বছৰ আৰু অ’ বি চি, এম অ’ বি চি প্ৰাৰ্থীৰ বাবে ৩ বছৰৰ ৰেহাই থাকিব।

প্ৰয়োজনীয় ডকোমেণ্টচ

১. শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ।

২. যদি আছে পূৰ্বৰ অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ দিব পাৰে।

৩. বয়সৰ প্ৰমাণ পত্ৰ।

বিভাগীয় বিজ্ঞাপন আৰু ষ্টেনডাৰ্ড এপ্লিকেশ্যন ফৰ্ম ডাউনল’ড কৰিবলৈ ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : আপুনি ‘ৱৰ্ক ফ্ৰম হোম’ কৰে নেকি? তেন্তে এই কেইটা ব্যায়াম কৰিবলৈ নাপাহৰিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply