শিলচৰস্থিত নেশ্যনেল ইন্সটিটিউট অৱ টেক্ন’লজি (NIT)ত ৫৫টা পদৰ বিপৰীতে নিযুক্তি মুকলি হৈছে।

সংশ্লিষ্ট পদ আৰু যোগ্যতাসমূহ তলত উল্লেখ কৰা হৈছে:

পঞ্জীয়ক, ১টা পদ (অসংৰক্ষিত)

শিক্ষাগত অৰ্হতা: স্বীকৃত বিশ্ববিদ্যালয় বা সমপৰ্য্যায়ৰ প্ৰতিষ্ঠানৰ পৰা যিকোনো বিভাগত ৫৫ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী।  

বয়সৰ সীমা: ৫৬ বছৰ।

উপ পঞ্জীয়ক, ১টা পদ (অসংৰক্ষিত)

শিক্ষাগত অৰ্হতা: স্বীকৃত বিশ্ববিদ্যালয় বা সমপৰ্য্যায়ৰ প্ৰতিষ্ঠানৰ পৰা যিকোনো বিভাগত ৫৫ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী।

বয়সৰ সীমা: ৫০ বছৰতকৈ অধিক হ’ব নালাগিব।

সহকাৰী পঞ্জীয়ক, ১টা পদ (অসংৰক্ষিত)

শিক্ষাগত অৰ্হতা: স্বীকৃত বিশ্ববিদ্যালয় বা সমপৰ্য্যায়ৰ প্ৰতিষ্ঠানৰ পৰা যিকোনো বিভাগত ৫৫ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী।

বয়সৰ সীমা: ৩৫ বছৰতকৈ অধিক হ’ব নালাগিব।

গ্ৰন্থাগাৰিক: ১টা পদ (অসংৰক্ষিত)

শিক্ষাগত অৰ্হতা: লাইব্ৰেৰী ছায়েন্স ইনফৰমেশ্যন ছায়েন্স ডকুমেণ্টেশ্যনত ৬০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী।

বয়সৰ সীমা: ৫৬ বছৰ।

চিকিৎসা বিষয়া, ১টা পদ (অসংৰক্ষিত)

শিক্ষাগত অৰ্হতা: এম বি বি এছ ডিগ্ৰীধাৰী বা সমপৰ্য্যায়ৰ তথা ইণ্ডিয়ান মেডিকেল ৰেজিষ্টাৰ বা কোনোবা ৰাজ্যৰ মেডিকেন ৰেজিষ্টাৰত পঞ্জীয়নভুক্ত হ’ব লাগিব।

বয়সৰ সীমা: ৫৬ বছৰ।

হিন্দী বিষয়া, ১টা পদ (অসংৰক্ষিত)

শিক্ষাগত অৰ্হতা: যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা হিন্দীত স্নাতকোক্তৰ ডিগ্ৰী, স্নাতক পৰ্য্যায়ত ইংৰাজী এটা বাধ্যতামূলক বা ইলেকটিভ বিষয় হিচাপে আছিল; বা ইংৰাজীত স্নাতকোক্তৰ আৰু স্নাতক পৰ্য্যায়ত হিন্দী এটা বাধ্যতামূলক বা ইলেকটিভ বিষয় হিচাপে আছিল।

বয়সৰ সীমা: ৩৫ বছৰতকৈ অধিক হ’ব নালাগিব।

অধীক্ষক, ৭ পদ (৫টা অসংৰক্ষিত, ২ অ’ বি চি, ১টা এছ চি)

শিক্ষাগত অৰ্হতা: যিকোনো বিভাগত এখন স্বীকৃত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা প্ৰথম শ্ৰেণীত উত্তীৰ্ণ বা ৫০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী।

বয়সৰ সীমা: ৩০ বছৰতকৈ অধিক হ’ব নালাগিব।

কনিষ্ঠ হিন্দী অনুবাদক, ১টা পদ (অসংৰক্ষিত)

শিক্ষাগত অৰ্হতা: যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা হিন্দীত স্নাতকোক্তৰ ডিগ্ৰী, স্নাতক পৰ্য্যায়ত ইংৰাজী এটা বাধ্যতামূলক বা ইলেকটিভ বিষয় হিচাপে আছিল; বা ইংৰাজীত স্নাতকোক্তৰ আৰু স্নাতক পৰ্য্যায়ত হিন্দী এটা বাধ্যতামূলক বা ইলেকটিভ বিষয় হিচাপে আছিল।

বয়সৰ সীমা: ৩০ বছৰতকৈ অধিক হ’ব নালাগিব।

টেকনিকেল সহাকাৰী এছ এ এছ সহকাৰী কনিষ্ঠ অভিযন্তা

৩৫ টা পদ (অসংৰক্ষিত ১৭টা, আৰ্থিকভাৱে দূৰ্বল শ্ৰেণী ৩টা, অ’ বি চি ৯টা, এছ টি ২টা, এছ চি ৫টা)

শিক্ষাগত অৰ্হতা: বিজ্ঞাপনত বিতংকৈ উল্লেখ আছে।

বয়সৰ সীমা: ৩০ বছৰতকৈ অধিক হ’ব নালাগিব।

জ্যেষ্ঠ সহকাৰী, ৪টা পদ (অসংৰক্ষিত)

শিক্ষাগত অৰ্হতা: উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ।

বয়সৰ সীমা: ৩৩ বছৰতকৈ অধিক হ’ব নালাগিব।

ইচ্ছুক প্ৰাৰ্থীয়ে ইয়াত ক্লিক কৰি অনলাইন এপ্লাই কৰিব পাৰে।

যোগ্যতা সম্পৰ্কে বিতংকৈ জানিবলৈ ইয়াত ক্লিক কৰি বিভাগীয় বিজ্ঞাপন পঢ়িব পাৰে।

অনলাইন আৱেদনৰ অন্তিম দিন ২ জুলাই ২০২১।  

লগতে পঢ়ক : সুশান্ত সিং ৰাজপুত আত্মহত্যা কাণ্ড: অভিনেতাজনৰ ফ্লেটমেটক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply