নিউজ ডেস্ক : অসম আৰক্ষীত সৃষ্টি হোৱা বহু কেইটা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
অসম আৰক্ষীৰ ২১৩৪ টা কনিষ্টবল পদত নিযুক্তি প্ৰদান কৰা হ’ব। আগ্ৰহী প্ৰাৰ্থীসকলে ০৯ জানুৱাৰীৰ ভিতৰত আৱেদন কৰিব লাগিব, প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব লাগিব।
২১৩৪ টা পদৰ ৭০৫ টা কনিষ্টবল (ইউ বি) আৰু ১৪২৯ টা কনিষ্টবল (এ বি) পদ।
দৰমহা – ১৪,০০০-৪৯,০০০ টকা, গ্ৰে’ড পে’ ৫৬০০ টকা।
প্ৰাৰ্থী ভাৰতীয় নাগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। তদুপৰি তেওঁৰ স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জিয়ন থাকিব লাগিব।
প্ৰাৰ্থীৰ বয়স ১ জুলাই ২০২১ চনত ১৮ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব।
কনিষ্টবল (ইউ বি) পদৰ বাবে প্ৰাৰ্থী উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হ’ব লাগিব আৰু কনিষ্টবল (এ বি) পদৰ বাবে প্ৰাৰ্থী উচ্চ মাধ্যমিকত উত্তীৰ্ণ হ’ব লাগিব।
বিতং তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।
অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – মৰ্মান্তিক! মৰাণত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু তিনিটা শিশুৰ