সোণাৰি : চৰাইদেউ জিলাত আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে জিলাখনৰ সোণাৰি, মাহমৰা আৰু সাপেখাতী ৰাজহ চক্ৰৰ অন্তৰ্গত ১০ জন গাওঁবুঢ়াক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে।
এই উপলক্ষে চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন আনুষ্ঠানিক সভা অনুষ্ঠিত হৈ যায়। চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগুৰ অংশগ্ৰহণত সম্পন্ন হোৱা এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত চৰাইদেউ জিলাৰ গাওঁবুঢ়া সন্থাৰ সভাপতি, সম্পাদক সকলৰ লগতে সোণাৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়াংশু ভৰদ্বাজ, মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইন্দিকা গগৈ, সাপেখাতী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনামিকা গগৈ উপস্থিত থাকে।
সভাৰ আঁত ধৰে জনসংযোগ বিষয়া জয়ন্ত মাউতে আৰু শলাগৰ শৰাই আগবঢ়াই অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমানে।নৱনিযুক্ত গাওঁবুঢ়া সকলক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে তেওঁলোকক আগন্তুক দিনত চৰকাৰী কাম কাজত সহায় আগবঢ়াবলৈ আহ্বান জনায়।
লগতে পঢ়ক কুমাৰীকাটা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ দেশীয় আৰু ভুটানৰ সুৰা