নিউজ ডেস্ক : নিবনুৱা যুৱক যুৱতীসকলৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে ৰাজ্যত এখন নিয়োগ মেলা অনুষ্ঠিত কৰা হ’ব। ৰাজ্য চৰকাৰৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰই এই মেলা অনুষ্ঠিত কৰিব।
অহা ২৩ ডিচেম্বৰৰ পৰা ৪ জানুৱাৰীলৈ ৰাজ্যৰ বিভিন্ন জিলা নিয়োগ বিনিময় কেন্দ্ৰসমূহত উক্ত নিয়োগ মেলা অনুষ্ঠিত কৰা হ’ব। দিনৰ ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব এই নিয়োগ মেলা
কোনখন জিলাৰ কত হ’ব নিয়োগ মেলা?
গুৱাহাটী : জিলা নিয়োগ বিনিময় কেন্দ্ৰ, ৰিহাবাৰী।
বঙাইগাওঁ : ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান।
মৰিগাওঁ : ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, দাণ্ডোৱা।
দক্ষিণ শালমৰা : জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, খাৰুৱাবন্ধা।
ধুবুৰী : ভোলানাথ কলেজ ফিল্ড।
গোৱালপাৰা : গান্ধী ভৱন, বি অ’ চিৰ সমীপত।
উত্তৰ লখিমপুৰ : অ’মেন আই টি আই, চাবতি।
মঙলদৈ : জিলা নিয়োগ বিনিময় কেন্দ্ৰ।
বিশ্বনাথ চাৰিআলি : ঘাহীগাওঁ ষ্টেডিয়াম ফিল্ড।
তেজপুৰ : জিলা নিয়োগ বিনিময় কেন্দ্ৰ।
হোজাই : জিলা নিয়োগ বিনিময় কেন্দ্ৰ।
গোলাঘাট : গোলাঘাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।
শিৱসাগৰ : গড়গাওঁ, আই টি আই কেম্পাছ।
সোণাৰী : বি পি বি এম হাইস্কুল।
ডিব্ৰুগড় : চৰকাৰী আই টি আই, বৰবৰুৱা।
তিনিচুকীয়া : আই টি আই কেম্পাছ।
নলবাৰী : চৰকাৰী আই টি আই, সৰিয়হতলি।
বৰপেটা : আই টি আই গাৰ্লছ হোষ্টেল কেম্পাছ।
যোৰহাট : আই টি আই কম্পেক্স, ৰাজাবাৰী।
ওদালগুৰি : ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ।
ধেমাজী : আই টি আই কেম্পাছ ধেমাজী।
কৰিমগঞ্জ : নগেন্দ্ৰনাথ তিলকচন্দ্ৰ এম ভি স্কুল, মেইন ৰোড।
হাইলাকান্দি : জিলা পুথিভৰাল।
সাক্ষাৎকাৰ দিবলৈ অহা প্ৰাৰ্থীসকলক নিজৰ সৈতে দুখন CV আনিবলৈ এক প্ৰেছ বিজ্ঞপ্তি যোগে কোৱা হৈছে।
বি টেক, এম টেক, বি ফাৰ্ম, এম ফাৰ্ম অদিকে ধৰি সকলো বিভাগৰ স্নাতক, বিভিন্ন কাৰিকৰী বিভাগৰ ডিপ্লমা, আই টি আই উত্তীৰ্ণ তথা দশম, দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ সকলে অংশগ্ৰহণ কৰিব পাৰে।
লগতে পঢ়ক : শীঘ্ৰে অসম আৰু বাংলাদেশৰ মাজত আৰম্ভ হ’ব বাছ, ৰে’ল সেৱা