নিউজ ডেস্ক: ভাৰত চৰকাৰৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান IREL (India) লিমিটেডে প্ৰতিষ্ঠানটোত খালী হোৱা কিছু সংখ্যক পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

প্ৰতিষ্ঠানটোৱে জাৰি কৰা এক বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি IREL (India) লিমিটেডৰ চীফ জেনেৰেল মেনেজাৰ, চীফ মেনেজাৰ, ছিনিয়ৰ মেনেজাৰ আৰু মেনেজাৰ পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন ইচ্ছুক প্ৰাৰ্থীয়ে আৱেদন কৰিব পাৰে।

পদসমূহ হৈছে –

চীফ জেনেৰেল মেনেজাৰ (এইচ আৰ এম)

পদৰ সংখ্যা – ১টা পদ

শিক্ষাগত অৰ্হতা – পিজি/পিজি ডিপ্ল’মা/এমবিএ/এমএ/এমএছডব্লিউ/হিউমেন ৰিছ’ৰ্চ মেনেজমেণ্টত স্পেচিয়েলাইজেচনসহ ডিগ্ৰীপ্ৰাপ্ত।

দৰমহা – ১,২০,০০০ৰ পৰা ২,৮০,০০০ টকা।

বসয়ৰ ঊৰ্ধ্বসীমা – ১৬ ফেব্ৰুৱাৰী ২০২২ চনত ৫৬ বছৰৰ ভিতৰত হ’ব লাগিব।

চীফ মেনেজাৰ (প্ৰজেক্টছ)

পদৰ সংখ্যা – ১টা পদ

শিক্ষাগত অৰ্হতা – ইঞ্জিনিয়াৰিঙৰ স্নাতক। ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ বা এম টেক কৰা সকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

দৰমহা – ৮০,০০০ৰ পৰা ২,২০,০০০ টকা।

বসয়ৰ ঊৰ্ধ্বসীমা – ১৬ ফেব্ৰুৱাৰী ২০২২ চনত ৫৪ বছৰৰ ভিতৰত হ’ব লাগিব।

ছিনিয়ৰ মেনেজাৰ (প্ৰজেক্টছ)

পদৰ সংখ্যা – ১টা পদ

শিক্ষাগত অৰ্হতা – ইঞ্জিনিয়াৰিঙৰ স্নাতক। ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ বা এম টেক কৰা সকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

দৰমহা – ৭০,০০০ৰ পৰা ২,০০,০০০ টকা।

বসয়ৰ ঊৰ্ধ্বসীমা – ১৬ ফেব্ৰুৱাৰী ২০২২ চনত ৪৮ বছৰৰ ভিতৰত হ’ব লাগিব।

মেনেজাৰ (ছিকিউৰিটী)

পদৰ সংখ্যা – ১টা পদ

শিক্ষাগত অৰ্হতা – স্নাতক ডিগ্ৰিধাৰী হ’ব লাগিব।

দৰমহা – ৬০,০০০ৰ পৰা ১,৮০,০০০ টকা।

বসয়ৰ ঊৰ্ধ্বসীমা – ১৬ ফেব্ৰুৱাৰী ২০২২ চনত ৪২ বছৰৰ ভিতৰত হ’ব লাগিব।

আটাইকেইটা পদতে প্ৰাৰ্থী অভিজ্ঞতা সম্পন্ন হ’ব লাগিব। আগ্ৰহী প্ৰাৰ্থীসকলে অৰ্হতা আৰু নিযুক্তি সম্পৰ্কে অধিক তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰিব পাৰে।

বিজ্ঞাপনত উল্লেখ কৰা মতে ইচ্ছুক প্ৰাৰ্থীয়ে অফলাইন যোগে আৱেদন কৰিব লাগিব আৰু ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত তলৰ ঠিকনাত পোৱাকৈ আৱেদন প্ৰেৰণ কৰিব লাগিব।

DGM(Projects) & I/c HR & GAd., IREL (India) Limited, Plot No.1207, Veer Savarkar Marg, Prabhadevi , Mumbai- 400028

লগতে পঢ়ক – দ্বিতীয় দিনাও ঠেঁটুৱৈ ধৰা ঠান্ডাই কপাইছে গুৱাহাটী মহানগৰীত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,332 other subscribers

Leave a comment

Leave a Reply Cancel reply