চাকৰিৰ প্ৰলোভনত বৃক্ক দান কৰিলে APDCLৰ বিষয়াৰ আত্মীয়ক

নগাঁও: চাকৰিৰ আশাত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মুখ্য মহা প্ৰৱন্ধকৰ আত্মীয়ক বৃক্ক দান কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে নগাঁৱৰ এগৰাকী ব্যক্তিয়ে।

নগাঁও চহৰৰ সমীপৱৰ্তী ডিফলুৰ হীৰুমণি শইকীয়া নামৰ এজন যুৱকে এপিডিচিএলৰ মহা প্ৰৱন্ধক কৰবী বৰা ডেকাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে। যুবকজনে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, বিগত ২০২০বৰ্ষৰ ৩১ডিচেম্বৰত হীৰুমণি শইকীয়াই এপিডিচিএলত চাকৰি লাভৰ আশাত এপিডিচিএলৰ মুখ্য মহা প্ৰৱন্ধক কৰবী বৰা ডেকাৰ স্বামী দিপ্তাকৰ ডেকাক বৃক্ক দান কৰিছিল।

হীৰুমণি সংবাদ মাধ্যমক আক্ষেপেৰে কয়, “এটা নিম্নবৰ্গৰ চৰকাৰী চাকৰি আৰু এটুকুৰা মাটিৰ বিনিময়ত মই বৃক্ক দান কৰাৰ কথা কৰবী বাইদেউক কৈছিলো। বাইদেউে মোৰ প্ৰস্তাৱ মানি মোক বৃক্ক দান দিবলৈ কৈছিল। কিন্তু বৃক্ক সংৰোপনৰ পিচৰে পৰা তেঁওলোকে মোৰ লগত যোগাযোগ বিচ্ছিন্ন কৰিলে।”

আজি নগাঁও প্ৰেছ ক্লাৱত উপস্থিত হৈ হীৰুমণিয়ে এপিডিচিএলৰ উচ্চপদস্থ বিষয়া গৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত বৰ্তমানলৈকে এপিডিচিএলৰ উচ্চপদস্থ বিষয়া গৰাকীয়ে এই অভিযোগ সন্দৰ্ভত কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

লগতে পঢ়ক-অভয়পুৰ বনাঞ্চলত মাৰণাস্ত্ৰসহ ৬ চোৰাং কাঠ বেপাৰী গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply