নিউজ ডেস্ক : অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোনয়ন বিভাগত নিযুক্তি সৃষ্টি হৈছে। পঞ্চায়ত আৰু গ্ৰামোনয়ন আয়ুক্তৰ কাৰ্য্যালয়ৰ পৰা এক বিজ্ঞাপন যোগে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে।
অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে বিভাগটোৰ এম জি এনৰেগা আচনিৰ অধীনৰ ক্লাষ্টাৰ ফেচিলিটেশ্যন প্ৰকল্পত খালী হৈ থকা ৰাজ্যিক প্ৰকল্প বিষয়াৰ এটা পদৰ বাবে আৱেদন কৰিব পাৰে।
আৱেদনৰ অন্তিম তাৰিখ ১১ ডিচেম্বৰ ২০২১। ইচ্ছুক প্ৰাৰ্থীক অনলাইন যোগে আৱেদন জনাব পাৰে। অৱশ্যে পদটো সম্পূৰ্ণৰূপে ঠিকাভিত্তিক হ’ব বুলি কোৱা হৈছে।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা Agricultural Economics/ Horticulture / Agroforestry / Agronomy /Forestry -ত স্নাতকোত্তৰ ডিগ্ৰীধাৰি হোৱাৰ লগতে সংশ্লিষ্ট ক্ষেত্ৰত অন্ততঃ ৮ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
প্ৰাৰ্থীৰ বয়স ৩০ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত হ’ব লাগিব। দৰমহা মাহিলি ১,০০,০০০ টকা হোৱাৰ লগতে অন্যান্য ভাত্তা আদি থাকিব।
অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰি বিভাগীয় বিজ্ঞাপন চাওক।
বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।
অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : গুৱাহাটীৰ ৰাজ ভৱনত ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ প্ৰতিমূৰ্তী উন্মোচন