নিউজ ডেস্ক : চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলৰ বাবে এক সুখবৰ অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ে এক জাননী যোগে বিভাগটোত খালী হৈ থকা ১০৩ টা পদত নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে।
ইচ্ছুক প্ৰাৰ্থীসকলে ৱাক-ইন-ইণ্টাৰ্ভিউৰ জৰিয়তে Programme Officer, Accounts Officer আৰু Media Expert-ৰ পদসমূহত আৱেদন কৰিব পাৰিব।
বিজ্ঞাপনত প্ৰকাশ কৰা অনুসৰি Programme Officerৰ ৩৫ টা পদ, Accounts Officer-ৰ ৩৩ টা পদ আৰু Media Expert-ৰ ৩৫ পদত নিযুক্তি দিয়া হ’ব।
দৰমহা : Programme Officer পদত বাৰ্ষিক ৬.০০ লাখ টকা (CTP), Accounts Officer পদত বাৰ্ষিক ৪.২০ লাখ টকা (CTP), Media Expert পদত বাৰ্ষিক ২.৮৮ লাখ টকা (CTP)।
প্ৰাৰ্থীৰ বয়সৰ সময়সীমা আৰু শিক্ষাগত অৰ্হতা সম্পৰ্কে অহা ২৮ অক্টোবৰত বিভাগীয় বিজ্ঞাপন যোগে আপডেট কৰা হ’ব।
আগ্ৰহী প্ৰাৰ্থীসকলে Programme Officer পদৰ বাবে অহা ৮ নৱেম্বৰত, Accounts Officer পদৰ বাবে অহা ১৫ নৱেম্বৰত আৰু Media Expert পদৰ বাবে অহা ২২ নৱেম্বৰত সাক্ষাৎকাৰৰ বাবে উপস্থিত থাকিব লাগিব।
সাক্ষাৎকাৰ গ্ৰহণ সময় – পুৱা ১০.৩০ বজাৰ পৰা আৱেলি ৪ বজালৈ। সাক্ষাৎকাৰ গ্ৰহণৰ স্থান – Agriculture Campus, Directorate of Agriculture, Assam, Khanapara, Guwahati-22।
বিজ্ঞাপনৰ জাননীৰ বাবে ইয়াত ক্লিক কৰক।
বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : স্বামীয়ে ২ লাখ টকাত পত্নীক বিক্ৰী কৰিলে কুৱেইটত