সোণাৰিৰ জবকা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। শ্ৰমিকে ঘেৰাও কৰিলে বাগিচাৰ কাৰ্যালয়। বোনাছ আৰু বকেয়া ছুটিৰ ধন নোপোৱাক লৈ ক্ষোভিত শ্ৰমিক।
এপিজে টি কোম্পানীৰ অধীনস্থ জবকা চাহ বাগিচা কৰ্তৃপক্ষই বিগত দুটা মাহ ধৰি শ্ৰমিকৰ পাৰিতোষিক আদায় নকৰাত ক্ষোভিত হৈ পৰিছে বাগিচাৰ শ্ৰমিকসকল।
আনহাতে ফাকুৱাৰ সময়ত পাবলগীয়া বোনাছ তথা ছুটিৰ ধন বাগিচা কৰ্তৃপক্ষই মঞ্জুৰ নকৰাৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিকসকলে।
ফাকুৱাৰ পূৰ্বে বকেয়া পাৰিতোষিক, বোনাছ তথা ছুটিৰ ধন মঞ্জুৰ কৰাৰ দাবী।