নিউজ ডেস্ক : Assam Petro-chemicals Limited –ত খালী হৈ থকা পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে। Deputy Manager (F&A), Accounts Officer আৰু Lower Accounts Assistant –ৰ ৭ টা পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব পাৰে।

পদ সমূহ হৈছে Deputy Manager (F&A) –ৰ ১ টা পদ, Accounts Officer –ৰ ৪ টা পদ আৰু Lower Accounts Assistant –ৰ ২ টা পদ, উক্ত প্ৰাৰ্থীসকলৰ বয়স ক্ৰমে ৪০ বছৰ, ৩৫ বছৰ আৰু ৪৩ বছৰৰ ভিতৰত হ’ব লাগিব।

এছ চি, এছ টি প্ৰাৰ্থীৰ বসয়ৰ ক্ষেত্ৰত ৫ বছৰ, অ’বিচি আৰু এমঅ’বিচি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৩ বছৰ ৰেহাই থাকিব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা Deputy Manager –ৰ বাবে বাণিজ্য বিভাগত স্নাতক হোৱাৰ লগতে CA বা CMA, Accounts Officer –ৰ বাবে বাণিজ্য বিভাগত স্নাতক হোৱাৰ লগতে CA/CMA বা MBA (Finance) আৰু বাণিজ্য বিভাগত স্নাতক হ’ব লাগিব।

আৱেদনৰ অন্তিম তাৰিখ ২০ ছেপ্টেম্বৰ ২০২১।

বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : বিহাৰলৈ গৈ সন্ধানহীন ৬৫ বছৰীয়া এগৰাকী বৃদ্ধ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply