নিউজ ডেস্ক : কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC)-এ এক নিয়োগ জাননীৰ জৰিয়তে ৩৬৩ টা অধ্যক্ষকৰ পদত নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। দিল্লী চৰকাৰৰ শিক্ষা বিভাগৰ ডিৰেক্টৰেট অৱ এডুকেশ্যনত ৩৬৩ টা অধ্যক্ষৰ পৰত নিযুক্তি ওলাইছে।
উক্ত ৩৬৩ পদৰ ২০৮ টা পুৰুষ আৰু ১৫৫ টা মহিলাৰ বাবে সংৰক্ষিত। বয়সৰ সময়সীমা ৫০ বছৰৰ ভিতৰত হ’ব লাগিব।
আগ্ৰহী প্ৰাৰ্থীসকলে ২৯ জুলাই ২০২১ ৰ ভিতৰত আৱেদন জমা দিব লাগিব।
প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে বি এড ডিগ্ৰীধাৰী হ’ব লাগিব। ইয়াৰ উপৰি দহ বছৰৰ শিক্ষাদানৰ অভিজ্ঞতা থকাটো বাঞ্চনীয়।
৩৬৩ পদৰ ৫৭ টা এছ চি, ২৬ টা এছ টি, ১০৬ টা অ’ বি চি, ৩৪ টা ই ডব্লিউ এছ, ১৫ টা পি ডব্লিউ বি ডি আৰু ১৪০ টা অসংৰক্ষিত পদ।
আৱেদনৰ মাচুল ২৫ টকা। এছ চি, এছ টি, পি ডব্লিউ বি ডি আৰু মহিলা প্ৰাৰ্থীসকলে মাচুল দিব নালাগে।
আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে http://www.upsconline.nic-ত গৈ ২৯.০৭.২০২১-ৰ ভিতৰত অনলাইন আৱেদন কৰিব লাগিব।
অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।
বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : জীৱনৰ আনন্দ : বেছি নহয়, কম বস্তুৰে কিদৰে সজাব আপোনাৰ ঘৰখন