নিউজ ডেস্ক : অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে (DSE) এক বিজ্ঞাপন যোগে ৰাজ্যৰ ২১ খন জিলাৰ বিভিন্ন প্ৰাদেশিকীত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা ২২৭২ টা স্নাতকোত্তৰ শিক্ষক (PGT)-ৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।
অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব পাৰে। আৱেদনৰ অন্তিম তাৰিখ ২০ অক্টোবৰ ২০২১।
উক্ত পদসমূহৰ ৩০১ টা পদ আৰ্থিকভাৱে পিছপৰা শ্ৰেণী, ৫১০ টা পদ অ’বিচি, এমঅ’বিচি, ১১৯ টা পদ পি ডব্লিউ ডি, ১৮৭ টা পদ এছ চি, ১৯৭ টা পদ এছ টি হিল্ছ, ৩৩৮ টা পদ এছ টি প্লেইনছৰ বাবে সংৰক্ষিত থকাৰ বিপৰীতে ৬২০ টা পদ অসংৰক্ষিত থাকিব।
বিষয় অনুযায়ী খালী হৈ থকা পদসমূহ হৈছে –
Accountancy | 19 |
Advance Assamese | 102 |
Advance Bengali | 18 |
Anthropology | 5 |
Arabic | 37 |
Assamese | 430 |
Banking | 12 |
Bengali | 62 |
Bodo | 1 |
Botany | 61 |
Business Studies | 20 |
Chemistry | 62 |
Commercial Arithmetic: | 3 |
Economics | 196 |
Education | 88 |
English | 270 |
Geography | 63 |
Geology | 16 |
Hindi | 6 |
History | 211 |
Home Science | 1 |
Insurance | 1 |
Logic & Philosophy: | 51 |
Manipuri | 7 |
Mathematics | 124 |
Nepali | 1 |
Persian | 5 |
Physics | 67 |
Political Science | 189 |
Salesmanship & Advertising | 5 |
Sanskrit | 31 |
Sociology | 26 |
Statistics | 7 |
Zoology | 75 |
প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ সমূহৰ বাবে বয়সৰ ক্ষেত্ৰত ৰেহাই থাকিব। দৰমহা মাহিলি ২২,০০০ টকাৰ পৰা ৯৭,০০০ টকা। গ্ৰে’ড পে’ ১১,৮০০ টকা।
অহা ২৫ ছেপ্টেম্বৰৰ পৰা অনলাইন আৱেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব।
শিক্ষাগত অৰ্হতা তথা আন বিতং তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।
বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : সাংবাদিকক তালিবানৰ বৰ্বৰ আক্ৰমণৰ ছবি