নিউজ ডেস্ক : আমিনগাঁওস্থিত কামৰূপ মুখ্য ন্যায়িৰ দণ্ডাধীশৰ আদালতত খালী হৈ থকা ৩ টা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

এক বিভাগীয় বিজ্ঞাপন যোগে খালী হৈ থকা ৩ টা পিয়নৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীক অহা ২২ নৱেম্বৰৰ ভিতৰত আৱেদন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

দৰমহা মাহিলি ১২,০০০ টকাৰ পৰা ৫২,০০০ টকা, গ্ৰে’ড পে’ ৩৯০০ টকা। প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব। অৱশ্য উচ্চতৰ মাধ্যমিক বা তাতকৈ ওপৰৰ শ্ৰেণীত উত্তীৰ্ণ সকলৰ আৱেদন গ্ৰহণ কৰা নহ’ব বুলি বিজ্ঞাপনত কোৱা হৈছে।

প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হোৱাৰ লগতে নাম employment exchange-ত পঞ্জীয়ন থাকিব লাগিব।

ইচ্ছুক প্ৰাৰ্থীসকলে যাৱতীয় তথ্য-পাতিসহ অহা ২২ নৱেম্বৰৰ ভিতৰত পোৱাকৈ তলৰ ঠিকনাত তেওঁলোকৰ আৱেদন প্ৰেৰণ কৰিব পাৰে।

The Chief Judicial Magistrate, Kamrup District, Amingaon. P.O.- Amingaon, PIN 781031

বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।

আৱেদন পত্ৰৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত আহত ১০ জন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply