নিউজ ডেস্ক: ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে সুখবৰ। অসম আৰক্ষীত বহু কেইটা পদত চাকৰি ওলাইছে। অসম আৰক্ষী অনাতাঁৰ সংস্থা চমুকৈ ARP-ত ৪৭০ টা কনিষ্টবল পদত নিযুক্তি সৃষ্টি হৈছে।

এক বিজ্ঞাপন যোগে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে। আৱেদনৰ অন্তিম তাৰিখ ১৭ মাৰ্চ। ইচ্ছুক প্ৰাৰ্থী সকলে অনলাইন আৱেদন কৰিব লাগিব।

পদসমূহ হৈছে –

কনিষ্টবল (WO/WT/OPR) ৪৪১ টা পদ। ইয়াৰে ৩১২ টা অসংৰক্ষিত পদ হোৱাৰ বিপৰীতে ৯০ টা অবিচি/এমঅ’বিচি প্ৰাৰ্থী, ২১ টা এছ চি, ১৬ টা এছ টি (পি) আৰু ২ টা এছ টি (এইচ)ৰ বাবে সংৰক্ষিত থাকিব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব। দৰ্মহা মাহে ১৪,০০০-৬০,৫০০ টকা, গ্ৰে’ড পে’ ৬,২০০ টকা।

কনিষ্টবল (বাৰ্তাবাহক) ১৪ পদ। ইয়াৰে ৬ টা অসংৰক্ষিত পদ হোৱাৰ বিপৰীতে ৬ টা অবিচি/এমঅ’বিচি প্ৰাৰ্থী, ১ টা এছ চি, ১ টা এছ টি (পি) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত থাকিব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে এল এম ভি, এম এম ভি, এইত এম ভি আদিৰ চালকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। দৰ্মহা মাহে ১৪,০০০-৬০,৫০০ টকা, গ্ৰে’ড পে’ ৫,২০০ টকা।

কনিষ্টবল (কাঠমিস্ত্ৰী) ৩ টা পদ। ইয়াৰে ২টা পদ অসংৰক্ষিত আৰু ১টা পদ এছ চি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত থাকিব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে আই টি আইৰ পৰা নিৰ্দিষ্ট বিভাগত উত্তীৰ্ণ হ’ব লাগিব। দৰ্মহা মাহে ১৪,০০০-৬০,৫০০ টকা, গ্ৰে’ড পে’ ৫,২০০ টকা।

কনিষ্টবল (Dispatch Rider) ১০ পদ। ইয়াৰে ৪ টা অসংৰক্ষিত পদ হোৱাৰ বিপৰীতে ২ টা অবিচি/এমঅ’বিচি প্ৰাৰ্থী, ১ টা এছ চি, ২ টা এছ টি (পি) আৰু ১ টা এছ টি (এইচ) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত থাকিব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে এল এম ভি, এম এম ভি, এইত এম ভি আদিৰ চালকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। দৰ্মহা মাহে ১৪,০০০-৬০,৫০০ টকা, গ্ৰে’ড পে’ ৫,২০০ টকা।

পদসমূহৰ বাবে প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে এছচি/এছটি প্ৰাৰ্থীৰ বাবে ৫ বছক, অবিচি/এমঅ’বিচি প্ৰাৰ্থীৰ বাবে ৩ বছৰ আৰু প্ৰশিক্ষিত গৃহৰক্ষীৰ বাবে ৩ বছৰ ৰেহাই থাকিব।

বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।

অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – ১০ মে’ৰ ভিতৰত ৰাজ্যত ২০,০০০ শিক্ষকক নিযুক্তি প্ৰদান কৰা হ’ব: শিক্ষা মন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply