সোমবাৰে ৰাজ্যৰ ১৫ সংখ্যক মুখ্য মন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই। শপতগ্ৰহণ কৰিয়েই হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে প্ৰথমখন সংবাদমেল।
সংবাদমেলত মুখ্য মন্ত্ৰীগৰাকীয়ে নতুন চৰকাৰৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ বিচৰাৰ লগতে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ’ব বুলিও জনায়।
তেওঁ কয় যে কোৰোণা পৰিস্থিতি নিয়ন্ত্ৰণক লৈ অসম চৰকাৰ নতুন পৰিক্ৰমা কৰিবলৈ সিদ্ধান্ত লোৱাৰ বাবে সাজু হৈছে।
ইয়াৰ উপৰি কাৰ্য্যভাৰ গ্ৰহণ কৰা প্ৰথমটো দিনতে নতুন মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীৰ বাবে ঘোষণা কৰে কেইবাটাও প্ৰতিশ্ৰুতি।
লগতে পঢ়ক : পঞ্চদশ মুখ্য মন্ত্ৰী হিচাপে শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই
ইয়াৰ ভিতৰত আছে ১ লাখ নিবনুৱালৈ ১ বছৰৰ ভিতৰত কৰ্ম সংস্থাপন, মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ, অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি, জনজাতিকৰণৰ বিষয়টো কোনোধৰনৰ সমস্যা নোহোৱাকৈ সমাধান আৰু বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি।
আনহাতে আলফা স্বাধীনৰ প্ৰধান পৰেশ বৰুৱাকো মূল সুঁতিলৈ আহিবলৈ আহ্বান জনাই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এন আৰ চি সম্পৰ্কত কয়, সীমান্ত জিলা সমূহত ২০ শতাংশ পুনৰ নিৰীক্ষণ আৰু সীমান্ত জিলা সমূহক বাদ দি ১০ শতাংশ নিৰীক্ষণৰ ব্যৱস্থা কৰা হ’ব। কোনো ধৰণৰ খেলি মেলি ন’হলে আগৰ NRC খনেই মনা হ’ব আৰু যদিহে ব্যাপক খেলি মেলি দেখা যায় তেনেহলে পুনৰ নিৰীক্ষণৰ বাবে উচ্চতৰ ন্যায়ালয়ত আবেদন জনোৱা হ’ব বুলি কয় নতুন মুখ্যমন্ত্ৰী গৰাকীয়ে ।
সংবাদমেলত মুখ্য মন্ত্ৰীগৰাকীয়ে এই সমূহ কামত অত্যন্ত প্ৰত্যাহ্বান আছে যদিও প্ৰত্যাহ্বানৰ মাজেৰে চৰকাৰখন সফল হ’ব বুলি আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে কাইলৈ অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক।