যোগীঘোপাঃ বঙাইগাওঁ জিলাৰ যোগীঘোপা মালেগড়ত খহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ, বেকী আৰু মানাহ নৈৰ গতিবেগ বৃদ্ধি হোৱাৰ ফলতে খহনীয়া তীব্ৰৰূপ ধাৰণ কৰিছে। ইতিমধ্যে খহনীয়াত বহু পৰিয়ালৰ ভেটি-মাটি, ঘৰ-বাৰী উচন হৈছে।
বৃহস্পতিবাৰৰ পৰা খহনীয়াই আৰু অধিক ৰূদ্ৰ ৰূপ ধাৰণ কৰিছে। চলিত বৰ্ষৰ পৰাই আৰম্ভ হোৱা নৈ কেইখনৰ খহনীয়াত শতাধিক লোকৰ ঘৰ-বাৰী, ভেটি-মাটি,কৃষি আদি সকলো হেৰুৱাইছে। উল্লেখ্য যে, প্ৰতিটো পৰিয়ালে দশক-দশক ধৰি টনকিয়াল জীৱন-যাপন কৰি অহাৰ পাছত বৰ্তমান সৰ্বশ্ব হেৰুৱাই আনৰ ঘৰত আশ্ৰয় ল’বলগীয়া হোৱাত কান্দোনত ভাঙি পৰিছে লোকসকল।
মন কৰিবলগীয়া যে, খহনীয়াৰ বাবে জিঅ’ ম’বাইল কোম্পানীৰ টাৱাৰ এটা স্থানান্তৰিত কৰাৰ লগতে ৬১ বছৰীয়া দুৰ্গামন্দিৰটো নৈৰ বুকুত বিলীন হৈছে। চকুৰ পলকতে চপৰাচপৰকৈ খহিছে নৈৰ পাৰ। উল্লেখ্য যে, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যোৱা ২১ জুনত আৰু ১২ জুলাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মালেগড়ত খহনীয়া অঞ্চল পৰিদৰ্শন কৰি প্ৰতিৰোধ ব্যৱস্থাৰ বাবে আচঁনি গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিভ্ৰমণ কৰি যোৱাৰ পিছতো উভতি যোৱাৰ পাছৰে পৰা কিছুদিনলৈ জিলা উপায়ুক্ত, জলসম্পদ বিভাগৰ বিষয়া -কৰ্মচাৰীকে ধৰি বহু বিষয়া উপস্থিত হয় যদিও খহনীয়াৰ প্ৰতিৰোধ নোহোৱাত এটাৰ পাছত এটাকৈ বিলীন গৈছে ঘৰ-দুৱাৰ,ভেটি-মাটি।