গুৱাহাটী : বৃহস্পতিবাৰে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ উপস্থিতিত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ভাৰতীয় জাতীয় কংগ্রেছ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ PJACBM ( Peoples Joint Action Committee for BODOLAND Movement ) ৰ মুখ্য আহ্বায়ক গর্জন মছাহাৰী সহিতে কেইবাগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেতাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে।
এই যোগদান কাৰ্যসূচীত প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰা, অসম কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্রেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ আৰু বিধায়ক জাকিৰ হুছেইন শিকদাৰ, জ্যেষ্ঠ কংগ্রেছ নেতা শৰৎ বৰকটকী, হিৰণ্য বৰা, ডিজেন শৰ্মা, বলীন কুলী উপস্থিত থাকে।
যোগদান কাৰ্যসূচীত উপস্থিত থাকি প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাই গর্জন মছাহাৰিক ভাৰতীয় জাতীয় কংগ্রেছ দললৈ আদৰণি জনাই কয় যে “ৰাজ্যখনৰ জনসাধাৰণৰ বৰ্তমানৰ বিজেপি চৰকাৰখনৰ প্ৰতি মোহভংগ হৈছে। বি টি ৰত নতুন দিগন্তৰ সূচনা হ’ল আজিৰ পৰা। কাল অমানিশা আঁতৰি নতুন সূৰুয উদয় হৈছে।
বিগত সময় খিনিত বিজেপি চৰকাৰখনে বিভিন্ন কৌশল প্ৰয়োগ কৰি কংগ্রেছৰ গতি ৰোধ কৰাৰ চেষ্টা কৰি আছে। আমি বিজেপিক সকীয়াই দিওঁ যে তেওঁলোকে যিমানেই আমাৰ গতি ৰোধ কৰিব চেষ্টা নকৰক কিয় আমি আৰু অধিক দুৰন্ত গতিৰে আগবাঢ়িম।” বুলিও কয় ভূপেন কুমাৰ বৰাই।
লগতে পঢ়ক : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা লাভলীনাক অভিনন্দন জ্ঞাপন
এই কাৰ্যসূচীত উপস্থিত থাকি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় “গর্জন মুছাহাৰি ডাঙৰীয়াৰ যোগদানে বি টি আৰত কংগ্রেছ দলক অধিক শক্তিশালী কৰি তুলিব” কংগ্রেছ দলত যোগদান কৰি PJACBM ৰ নেতা মছাহাৰিয়ে কয় “আমি বড়োভূমিৰ জনসাধাৰণৰ শান্তিৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলন চলাইছিলো। কিন্ত আজিৰ এই বিজেপি চৰকাৰখনৰ শাসনকালত বড়োভূমিৰ মানুহৰ মাজত থকা শান্তি-সম্প্ৰীতি বিঘ্নিত হৈছে। অসমত শান্তি ঘূৰাই আনিবলৈ হ’লে কংগ্রেছ দল শাসনত আহিবই লাগিব।