জোনাইঃ জোনাইত শোকাৱহ পথ দুৰ্ঘটনা।
অটো আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু হয় অৰ্চনা পেগু নামৰ এগৰাকী মহিলাৰ।
দুজনক সংকটজনক অৱস্থাত ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয়।
মৃত লোক কেইগৰাকী দিলীপ পেগু আৰু মিনতি পেগু।