জোনাই: মানুহ নহয়, এইবাৰ গৰু-ম’হে নিজৰ খাদ্য সুৰক্ষা আৰু আবাসস্থান বিচাৰি বাহিৰ কৰিছে সমদল। জোনাই মহকুমাধিপতিৰ কাৰ্যালয় অভিমুখে আগবাঢ়িছে এই সমদল।

উল্লেখযোগ্য যে, জোনাই মহকুমাৰ মাজিআলি মুমুনি চাপৰিত ১৭,৯২০ বিঘা চৰকাৰীভাৱে স্বীকৃত গো-চৰণীয়া পথাৰ ভূমি সংৰক্ষণ পৰিৱর্তে চৰণীয়া পথাৰখন খণ্ড-বিখণ্ড কৰি এচাম বেদখলীকাৰীক ভূমি প্ৰদানৰ চক্ৰান্তৰ বিৰুদ্ধে জোনাই মহকুমা খুঁটি পৰিচালনা কমিটীৰ উদ্যোগত মাজিআলি মুনমুনী চাপৰিৰ গো-পালকসকলে নিজৰ শ শ গৰু-ম’হ জোনাই মহকুমাধিপতিৰ কাৰ্যালয় অভিমুখে খেদি আনি সমদল বাহিৰ কৰিছে।

জোনাই মহকুমাৰ মাজিআলি মুনমুনী চাপৰিত চৰকাৰীভাৱে স্বীকৃতিপ্রাপ্ত গো-চৰনীয়া পথাৰত শ শ গো-পালকে পশুধন পালন কৰি জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু চৰকাৰৰ মাজিআলি মুনমুনী চাপৰি চৰণীয়া পথাৰৰ ভূমি অবৈধ্যভাৱে বেদখলকাৰীক প্ৰদানৰ ষড়যন্ত্ৰ কৰা বুলি গো-পালকসকলে গুৰুত্বৰ অভিযোগ কৰিছে।

গো-পালক ৰাইজে মাজিআলি মুনমুনী চাপৰিৰ গো-চৰনীয়া পথাৰ ভূমিৰ পৰা অবৈধ বেদখলকাৰী সকলক উচ্ছেদ কৰি গো-চৰনীয়া পথাৰখন সুৰক্ষা আৰু নিৰাপত্তা প্ৰদান কৰিবলৈ প্রশাসনৰ ওচৰত বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে। জোনাই মহকুমা খুঁটি পৰিচালনা কমিটীয়ে অভিযোগ কৰা মতে- মহকুমা প্রকাশনে কর্তব্য পালনৰ নামত জোনাই মহকুমা খুঁটি পৰিচালনা কমিটিৰ সৈতে যোৱা ৪ মাৰ্চত এখন বৈঠক বহে। এই বৈঠকত মহকুমা প্রশাসনে গো-চৰণীয়া পথাৰখন সংৰক্ষণৰ বিপৰীতে বেদখলকাৰীক ভূমি প্ৰদানৰ চক্ৰান্ত কৰাৰ অভিযোগ কৰিছে।

প্রশাসনৰ এনে কার্যত ভৱিষ্যতে পশুপালনৰ আশা নেদেখি আৰু গণতান্ত্রিকভাৱে আন্দোলন কৰি গৰু-ম’হবোৰ মহকুমা প্ৰশাসনক গো-পালক ৰাইজে চমজি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফলত আজি জোনাই মহকুমাৰ মুনমুনি চাপৰিৰ গো-পালক ৰাইজে জোনাই মহকুমাধিপতিক চমজী দিবলৈ গৰু- ম’হবোৰ জোনাই মহকুমাধিপতিৰ কাৰ্যালয় অভিমুখে খেদি নি সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

আজিৰ পৰা মাজিআলি মুনমুনী চাপৰিৰ পৰা গো-পালক ৰাইজে গৰু-ম’হবোৰ খেদি আনি ২৪ মাৰ্চত গৰু-ম’হৰ সৈতে জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত গো-পালক ৰাইজে ধৰ্ণা কাৰ্যসূচী পালন কৰিব বুলি জানিবলৈ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply