জোনাইঃ জোনাইত নাও দুৰ্ঘটনাত সন্ধানহীন এবছৰীয়া শিশু। সন্ধানহীন শিশুটিৰ নাম ঐকনেং দলে। জোনাই চিমেন চাপৰিৰ কাংকান চাপৰিত লালি আৰু চিয়াং নদীৰ সংযোগস্থলত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো।

চাপৰিৰ পৰা এখন টুলুঙা নাৱেৰে লম্বা চাপৰিলৈ গৈ আছিল যাত্ৰীসকল। কিন্তু লম্বা চাপৰি পোৱাৰ পূৰ্বেই সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত হোৱা নাওখনত আছিল সাতগৰাকী যাত্ৰী। কথমপি ছয়গৰাকী যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে।

ঘটনাস্থলীত এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ ‌অভিযান আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,587 other subscribers

Leave a comment

Leave a Reply Cancel reply