গুৱাহাটীঃ বহিঃৰাজ্যত অসমৰ যুৱকক হত্যা। ডেগাৰেৰে হানিখুচি হত্যা কৰিলে জোনাইৰ দেৱজিৎ চাৰহ নামৰ যুৱকজনক। মুম্বাইত কৰ্মৰত আছিল দেৱজিৎ। বন্ধুৰ লগত হোৱা সংঘাতৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। জোনাইৰে একে গাঁৱৰে মনোজ মেদক নামৰ যুৱকজনে এই হত্যাকাণ্ড সংঘটিত কৰাৰ বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃগৰৈমাৰীত বজ্ৰপাতত ভস্মীভূত এটা পৰিয়ালৰ বাসগৃহ
বুধবাৰে সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ড। ডেগাৰৰ আঘাতত গুৰুতৰ ভাৱে আহত হোৱা দেৱজিত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ পৰিয়ালৰলোকে দাবী জনাইছে।