নিউজ ডেস্কঃ ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মেলাৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে যদিও কেৱল ৰাজকীয় ঐতিহ্য পৰম্পৰা ৰক্ষাৰে প্ৰায় ১০০-১৫০ লোকেৰে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ আৰম্ভ হৈছে ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলা৷
গোভা দেওঁৰজা দ্বীপচিং দেওঁৰজাই জোনবিল মেলাৰ বাকৰিত পতাকা উত্তোলন কৰি মেলাৰ শুভাৰম্ভণি কৰে৷ জোনবিলৰ বাকৰিতে ২০২২ বৰ্ষৰ জোনবিল স্মৃতিগ্ৰন্থ উন্মোচন কৰে গোভা দেওঁৰজাই৷ মহামাৰী কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই জোনবিল মেলাৰ বাণিজ্যিক-সাংস্কৃতিক কাৰ্যসূচীৰ লগতে জনসমাগম হ’ব পৰা ৭টাকৈ অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিচালনা কমিটীয়ে৷
লগতে পঢ়কঃ৩৫বছৰ ধৰি অৰণ্যত বসবাস কৰি আহিছে জামুগুৰিহাটৰ এগৰাকী ব্যক্তিয়ে
ৰাজ্যত বৰ্ধিত কোৰোনা সংক্ৰমণৰ বাবে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে ঐতিহাসিক জোনবিল মেলা। কেৱল মাত্ৰ ডেৰশজন লোকৰ উপস্থিতিত নিয়মমাফিকভাৱে অনুষ্ঠিত কৰা হৈছে এই মেলা। কোভিড সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা এছ অ’ পি অনুসৰণ কৰিয়েই আয়োজক সকলে পূৰ্বে অনুষ্ঠিত কৰি অহা সাধাৰণ মেলা, জনগোষ্ঠীয় মেলা, খাদ্য মেলা, আনন্দ মেলাকে ধৰি সকলো বাণিজ্য মেলা বাতিল কৰিছে আয়োজকে।
পূৰ্বৰ নিয়ম অনুসৰিয়েই কোভিড প্ৰ’টকল মানি এইবাৰৰ জোনবিল মেলাত পাহাৰৰ কেইবাজনো মামা-মামীয়ে তেওঁলোকৰ সামগ্ৰী লৈ ভৈয়ামলৈ নামি আহিছে আৰু ভৈয়ামৰ ভাগিনহঁতৰ সৈতে বিনিময় কৰিছে।
মৰিগাঁৱৰ জোনবিলত আজিৰ দিনটোত সমূহীয়া মৎস্য চিকাৰ কৰা দেখা যায়। জোনবিলত মাছ ধৰিবলৈ জাকে জাকে পানীত নামিল ৰাইজ। জোনবিল মেলা উপলক্ষে পৰম্পৰাগত ভাবে এই মৎস্য চিকাৰ অনুষ্ঠিত হৈ আহিছে। বিনিময় হাট সামৰি ভৈয়ামৰ লোক সকলে এইথৰে মাছ মাৰে জোনবিলত।
আজিৰ দিনটোতে গোভা ৰজাক ৰাজভাট্টা প্ৰদান কৰে ৰাজ্য চৰকাৰে। অনুষ্ঠানত মন্ত্ৰী পিয়ুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰীও উপস্থিত থাকে।