নিউজ ডেস্কঃ পাঁচ মাৰ্চৰ পৰা জৰ্দানৰ আমানত আৰম্ভ হৈছে এখন চিত্ৰ প্ৰদৰ্শনী ৷
আমান মিউনিচিপালিটি আৰু ভাৰতৰ এছ্ এম্ ডি আৰ্ট ফাউণ্ডেচন উদ্যোগত “ৰছ্ – এ- লাইন“ আৰ্ট গেলাৰীত অনুষ্ঠিত এই শিল্প প্ৰদৰ্শনীখন উদ্বোধন কৰে ভাৰতৰ ৰাষ্ট্ৰদূত মিষ্টাৰ আনোৱাৰ হালিমে ৷
অসমকে ধৰি ভাৰতৰ কেইবাগৰাকীয়ো শিল্পীৰ লগতে জাপান , জৰ্দান, USA , কানাডা,আলবেনিয়া, টাইৱান, পেলেষ্টাইন আদি কেইবাখনো দেশৰ চিত্ৰশিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰে ৷ উক্ত প্ৰদৰ্শনীখনৰ উদ্বোধনী অনুষ্ঠানত জৰ্দান চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মুখ্য বিষয়া সকলৰ লগতে আমান সাংস্কৃতিক কেন্দ্ৰৰ মুখ্য প্ৰৱন্ধক তথা কলা সমালোচক গৰাকীয়ো উপস্থিত থাকে ৷
লগতে পঢ়কঃপৌৰসভা, মাজুলীৰ উপ-নিৰ্বাচনৰ পাছত এইবাৰ ৰাজ্যসভা নিৰ্বাচন
আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা সভাত ৰাষ্ট্ৰদূত আনোৱাৰ হালিমে এছ্ এম্ আৰ্ট ফাউণ্ডেচনৰ সভানেত্ৰী জৰ্ডানৰ জেনেৰিতা আম্ৰতি আৰু প্ৰতিষ্ঠাপক মিন্টু ডেকাক ধন্যবাদ জনোৱাৰ লগতে উক্ত প্ৰদৰ্শনীখনত অংশগ্ৰহণ কৰা সকলো শিল্পীকে তেওঁৰ সুললিত ভাষণেৰে উৎসাহিত কৰে ৷
এই আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীখনত অসমৰ হৈ উপস্থিত থকাৰ লগতে অংশগ্ৰহণ কৰে মিন্টু ডেকা , মুকুল দুৱৰা আৰু দেৱব্ৰত মহন্তই ৷ ইয়াত প্ৰদৰ্শিত হয় অসমৰ আন এজন শিল্পী জোনমণি বড়াৰো ছবিৰ প্ৰিণ্ট ৷ মিন্টু ডেকাৰ Installation কলাৰ লগতে মুকুল দুৱৰা আৰু দেৱব্ৰত মহন্তৰ শিল্পকলাইয়ো চিত্ৰ অনুৰাগী সকলৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হয়।