যোৰহাটঃ যোৰহাটৰ ৰজাহাউলীত ডাম্পাৰৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় এগৰাকী গৰ্ভৱতী মহিলা।
সংকটজনক অৱস্থাত মহিলাগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
বৰ্তমান আই চি ইউত ভৰ্তি কৰোৱা হৈছে মহিলাগৰাকীক।
গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত মহিলা গৰাকীৰ নাম দীপ্তি দাস বুলি জানিব পৰা গৈছে।
স্বামীৰ সৈতে কৰ্মক্ষেত্ৰলৈ ওলাই আহোতেই সংঘটিত হয় দুৰ্ঘটনাটো ।
এই ঘটনাত উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰে কেইবাখনো ডাম্পাৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায়।
এই অঞ্চলত পূৰ্বেও কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে।
তীব্ৰ বেগেৰে চলোৱা গাড়ী চালকৰ মইমতালি বন্ধ কৰিবৰ বাবে স্থানীয় ৰাইজে প্ৰশাসনক আহ্বান জনায়।