যোৰহাটঃ ”শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই আমাক সকলো দিশতে পাৰ্গত হৈ থকাৰ সমল দি গৈছে। ভাষা, সাহিত্য, সংস্কৃতি, গীত, নৃত্য ,নাট ভাওনা আদিত বৈজ্ঞানিক দৃষ্টিভংগী নিহিত হৈ আছে। এক শৰণ হৰি নাম ধৰ্ম যোগেদি পৰমেশ্বৰক উপাসনা কৰা লগতে শৰীৰ সুস্থিৰ কৰি ৰখা সুন্দৰ পথৰ সন্ধান দিছে। কিন্তু আমি গুৰুজনাৰ নীতি আদৰ্শৰে অনুপ্ৰাণিত হৈ পোহৰৰ সন্ধানত জীৱনৰ ৰথ খন নিব পৰা নাই।” আজি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ ৬৭ সংখ্যক বাৰ্ষিক অধিবেশনৰ সাহিত্য শাখাৰ সভাত মুখ্য অতিথি ভাষণত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে এনেদৰে কয়।

যোগেন নায়কৰ সভাপতিত্বত অনুষ্ঠিত সাহিত্য শাখাৰ সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ যোৰহাট কাৰ্যালয় সম্পাদক ৰমানন্দন বৰা, নিদিষ্ট বক্তা ড০ ধীৰেন কলিতা, মুকুল গগৈ, মুকুল বৰুৱা, ফুনু বৰা গগৈ।

লগতে পঢ়কঃমৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

অধিবেশনৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ উপ-সভাপতি খগেন ফুকনে । শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ ৬৭ সংখ্যক বাৰ্ষিক অধিবেশনৰ দ্বিতীয় দিনা মুখ্য আকৰ্ষণ ধৰ্ম ধজ্জা উত্তোলন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ সভাপতি মুকুল গগৈয়ে আৰু অনুষ্ঠান টো আঁত ধৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ সম্পাদক মুকুল বৰুৱাই।

কোভিড মহামাৰীৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনা মতে সাংস্কৃতিক শোভাযাত্ৰা বাতিল কৰে আৰু অধিবেশনস্থলীত ভাগৱত শোভাযাত্ৰা উলিয়াই হৰি নাম ধ্বনিৰে মুখৰিত হয়। বিয়লি সৌৰভ হাজৰিকাৰ সভাপতিত্বত সংস্কৃতি শাখাৰ সভা অনুষ্ঠিত হয় আৰু সন্ধিয়া হোলোঙাপাৰ আঞ্চলিক শাখাৰ শিল্পী সকলৰ দ্বাৰা গুৰুজনাৰ ৰচিত ” ৰাম বিজয় ” অংকীয়া ভাওনা প্ৰদৰ্শন কৰে।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই আমাক সকলো দিশতে পাৰ্গত হৈ থকাৰ সমল দি গৈছে ।শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই আমাক সকলো দিশতে পাৰ্গত হৈ থকাৰ সমল দি গৈছে । ভাষা , সাহিত্য , সংস্কৃতি , গীত , নৃত্য ,নাট ভাওনা আদিত বৈজ্ঞানিক দৃষ্টিভংগী নিহিত হৈ আছে । এক শৰণ হৰি নাম ধৰ্ম যোগেদি পৰমেশ্বৰক উপাসনা কৰা লগতে শৰীৰ সুস্থিৰ কৰি ৰখা সুন্দৰ পথৰ সন্ধান দিছে । কিন্তু আমি গুৰুজনাৰ নীতি আদৰ্শৰে অনুপ্ৰাণিত হৈ পোহৰৰ সন্ধানত জীৱনৰ ৰথ খন নিব পৰা নাই । আজি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ ৬৭ সংখ্যক বাৰ্ষিক অধিবেশনৰ সাহিত্য শাখাৰ সভাত মুখ্য অতিথি ভাষণত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে এনেদৰে কয় । যোগেন নায়ক সভাপতিত্বত অনুষ্ঠিত সাহিত্য শাখাৰ সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ যোৰহাট কাৰ্যালয় সম্পাদক ৰমানন্দন বৰা , নিদিষ্ট বক্তা ড ধীৰেন কলিতা , মুকুল গগৈ , মুকুল বৰুৱা , ফুনু বৰা গগৈ আদিয়ে আসন অলংকৃত কৰে । অধিবেশনৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ উপ-সভাপতি খগেন ফুকনে । শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ ৬৭ সংখ্যক বাৰ্ষিক অধিবেশনৰ দ্বিতীয় দিনা মুখ্য আকৰ্ষণ ধৰ্ম ধজ্জা উত্তোলন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ সভাপতি মুকুল গগৈয়ে আৰু অনুষ্ঠান টো আত ধৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ সম্পাদক মুকুল বৰুৱাই । কভিড মহামাৰীৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনা মতে সাংস্কৃতিক শোভাযাত্ৰা বাতিল কৰে আৰু অধিবেশন স্থলীত ভাগৱত শোভাযাত্ৰা উলিয়াই হৰি নাম ধ্বনি ৰে মুখৰিত হয় । বিয়লি সৌৰভ হাজৰিকা সভাপতিত্বত সংস্কৃতি শাখাৰ সভা অনুষ্ঠিত হয় আৰু সন্ধিয়া হোলোঙাপাৰ আঞ্চলিক শাখাৰ শিল্পী সকলৰ দ্বাৰা গুৰুজনাৰ ৰচিত ” ৰাম বিজয় ” অংকীয়া ভাওনা প্ৰদৰ্শন কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply