যোৰহাটঃ বিগত বৰ্ষত কোভিড মহামাৰীৰ ফলত আমি সকলোৱে প্ৰায় বহু দিন ধৰি ঘৰতে আৱদ্ধ থাকিবলগীয়া হ’ল ৷ বহুতে নিজ ঘৰতে বহু ক্ষেত্ৰত নিজৰ পাৰদৰ্শীতাৰে বহু কাম কৰি সফলতাও অৰ্জন কৰিলে ৷
এনে এক কাৰ্য্য কৰিয়েই “INDIA BOOK OF RECORD” ত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল টিয়কৰ জীয়াৰী তথা যোৰহাটৰ বোৱাৰী অৰ্চনা দোলাকাষৰীয়াই ৷
লগতে পঢ়কঃঅসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাত ভুৱা প্ৰমাণ পত্ৰ জমা দি ৰঙা ঘৰৰ আলহী দুই প্ৰাৰ্থী
তেওঁ ১ মিনিটত অসমীয়া আৰু ইংৰাজী ত ১ৰ পৰা ৯০ লৈ লিখি অসমৰ লগতে টিয়কলৈ গৌৰৱ কঢ়িয়াই আনিলে ৷
টীয়কৰ পীড়াকটা অঞ্চলৰ অৰ্চনা দোলাকাষৰীয়াই লকডাউনৰ সময়ছোৱাতে নিজৰ প্ৰতিভা আৰু একাগ্ৰতাৰে অসমীয়া আৰু ইংৰাজীৰ সংখ্যা কেইটা একে সময়তে সৰ্বাধিক ১ৰ পৰা ৯০ লৈ লিখে ইংৰাজী আৰু অসমীয়াত ৷
পৰৱৰ্তী পৰ্যায়ত অনলাইন যোগে প্ৰতিযোগিতালৈ প্ৰেৰণ কৰি শ্ৰেষ্ঠ বিবেচিত হৈছে ৷ তেখেতৰ এই খবৰে নিজৰ লগতে সমগ্ৰ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে।