যোৰহাটঃ ৰাজ্য় কঁপাই যোৱা এচাম নৰপিশাচৰ বৰ্বতাৰ বলি হৈ মৃত্যুবৰণ কৰা অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত সহ ১৩জনক গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে।
এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি যোৰহাটৰ নিৰ্মল চাৰিআলিৰ সমীপত একাংশ উন্মত্ত লোকে তিনিজন যুৱক ক্ৰমে সাংবাদিক মৃদুস্মন্ত বৰুৱা,আছুৰ প্ৰণয় দত্তৰ লগতে ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাক।
উক্ত আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত তিনিজন যুৱককে যোৰহাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভূঞাই মৃত্যুক সাবটি লয়।
লগতে পঢ়কঃযোৰহাটত ছাত্ৰ নেতাৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৭জনক গ্ৰেপ্তাৰ
আৰক্ষীয়ে অভিযান চলাই বৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই ঘটনাৰ মূল অভিযুক্ত ক’লা ল’ৰা দাস(নিৰজ দাস), বিতোপন দাস, বিক্ৰম দাস, সুভাষ বৰা, দেব দাস, মোহন দাস , অবিনাশ বৰা , সৰুলৰা দাস,বঙালী দাস,সুভাষ দাস,অকনি দাস মহেশ দাসক।
যোৰহাট থানাৰ গোচৰ নং ২৬২০/২১ ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৭/১৪৮/১৪৯/৩২৬/৩০২ ধাৰাত গোচৰ ৰুজু কৰিছে।
ঘটনাৰ মূল অভিযুক্ত নিৰজ দাস ড্ৰাগছ ব্যৱসায়ৰ লগতো জড়িত। পূৰ্বেও নীৰজ ৯০ৰো অধিক গোচৰত অভিযুক্ত।
আনহাতে এই ঘটনাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৫০ গৰাকীৰো অধিক লোক জড়িত আছিল বুলি প্ৰকাশ পাইছে। এতিয়া আৰক্ষীয়ে আন কেইজন দুৰ্বৃত্তৰ সন্ধানত অভিযান চলাই আছে ।
আজি শোকাকুল পৰিৱেশত অনিমেষ ভূঞাৰ বাসগৃহত উপস্থিত হয় আছুৰ কেন্দ্ৰীয় নেতৃত্ব। অনিমেষৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে। ‘ফাষ্ট ট্ৰেক আদালতত অনিমেষ ভূঞা হত্যাকাণ্ডৰ বিচাৰ কৰিবলৈ অনুৰুধ দীপাংক কুমাৰ নাথৰ।
ইফালে, অনিমেষ ভূঞাৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি ১৫ দিনৰ ভিতৰত অনিমেশ হত্যাকাণ্ডৰ চাৰ্জশ্বীত দাখিল কৰা হ’ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ঘোষণা কৰে।
লগতে অনিমেষ ভূঞাৰ পৰিয়ালৰ এজনক চৰকাৰী নিযুক্তি দিয়া হ’ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।