যোৰহাটৰ পৰা ৰণজিৎ দত্তঃ যোৰহাট জিলা ধঁপাত নিয়ন্ত্রণ কোষ আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত পশ্চিম যোৰহাট অঞ্চলৰ চাৰিঙীয়া গাঁৱৰ শ্ৰীমন্ত শংকৰজ্যোতি কলাকৃষ্টি সংঘৰ সহযোগত কৰ্কট ৰোগৰ সজাগতা সভা।

সভাত অংশগ্ৰহণ কৰি যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কয় যে ৰাগিয়াল দ্ৰব্য সেৱনৰ পৰা বিৰত নাথাকিলে, ৰাসায়নিক সাৰ প্ৰয়োগেৰে উৎপাদিত খাদ্য, শস্য খোৱা সকলৰ কৰ্কটেই নহয় সকলো ৰোগেই আক্ৰমণ কৰিব। যোৰহাটত চুলাই, মদ সেৱনকাৰীৰ সংখ্যা অত্যাধিক। ড্ৰাগছ্ সেৱনকাৰীৰ সংখ্যাও কম নহয়। প্ৰতি ঘৰেই গোবৰ, জাঁবৰ পচন সাৰ প্ৰয়োগেৰে একোখনকৈ খাদ্য-শস্যৰ বাৰী গঢ়ি তুলিব লাগিব। ফল-মূলৰ খেতি কৰি নিজেও খোৱাৰ লগতে উৎপাদন কৰি বিক্রি কৰিলে লাভাম্বিত হ’ব। যুৱক-যুৱতীসকল এই ক্ষেত্রত আগবাঢ়ি আহিব লাগে। নিজৰ লগতে পৰিয়াল, গাঁও, জিলা, ৰাজ্য তথা দেশখনকে ৰোগমুক্ত কৰাৰ ক্ষেত্রত প্ৰতিজন ব্যক্তিৰে দায়িত্বই নহয় কৰ্তব্যও হোৱা উচিত।

কৰ্কট ৰোগ হোৱাৰ কাৰণ, প্ৰতিকাৰৰ উপায় আৰু চৰকাৰে আগবঢ়োৱা সা-সুবিধাৰ সম্পর্কত ডাঃ দুলাল কিৰণ মণ্ডল, ডঃ চন্দনবৰণ দুৱৰা, ডঃ ভক্তিময় ভট্টাচার্য, ধ্ৰুৱজ্যোতি কাকতিয়ে সভাত বক্তব্য আগবঢ়ায়।

অনুষ্ঠানৰ আৰম্ভণীতে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন, গছপুলি ৰোপণৰ পাছতে উলিওৱা সমদল যাত্রাত শিশুৰ পৰা বৃদ্ধলৈকে বহুলোকৰ লগতে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, স্বাস্থ্য বিভাগৰ লোক আৰু সমাজ-সচেতন লোকে বিভিন্ন শ্ল’গান দি ৰাগিয়াল দ্ৰৱ্য সেৱনৰ পৰা বিৰত থাকিবলৈ, মাদক দ্ৰৱ্য সেৱন নকৰিবলৈ অনুৰোধ জনাই ৰাইজক সজাগ-সচেতন কৰিবলৈ এক সমদলো উলিওৱা হয়।

গায়ন-বায়ন,দিহানাম প্ৰদৰ্শন, গীত পৰিৱেশন, যোৰহাট জেবি কলেজৰ শিক্ষাৰ্থীসকলে নাটক প্ৰদৰ্শনেৰে কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে ল’ব লগা সাবধানতাৰ সম্পর্কত প্ৰচাৰ কৰে।

লগতে পঢ়কঃআজিৰে পৰা জনতাই বিচাৰিলেও নাপাব মুখ্যমন্ত্ৰী অথবা অন্যান্য মন্ত্ৰীসকলক

যোৰহাট জিলা ঔষধ ব্যবসায়ী সন্থাৰ হৈ সভাপতি সঞ্জীৱ কুমাৰ বৰাই চাৰিঙীয়া গাঁৱৰ কৰ্কট ৰোগত আক্রান্ত দুগৰাকীক ৫ হাজাৰকৈ ধনাদেশ প্ৰদান কৰে। গাঁওখনৰ মেধাৱী শিক্ষাৰ্থী অৰিন্দম বৰা, গৌৰঙ্গ বৰা আৰু ঋষভ ভৰালীক অভিনন্দন প্ৰদান কৰা হয়।

পি আৰ আই-চি বি অ’ কনভাৰজেনচ প্ৰজেক্টত কৰ্মৰত কেৰালাৰ বিন্দু মালিনী আৰু ন-গাঁৱৰ বৰ্ণালী বৰাক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। অনুষ্ঠানত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মানসী গোস্বামী, পূজা কাকতি, কৰ্মচাৰীসকল, যোৰহাট জিলা ধঁপাত নিয়ন্ত্রণ কোষৰ দীপ্তি শইকীয়া, দীপক হাজৰিকা, প্ৰশীল কুমাৰ বৰা, জিলা যক্ষ্মা বিভাগৰ প্ৰৱাল লাহন,বিজু কামান, আচাৰ ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ পি আৰ আই-চি বি অ’ কনভাৰজেনচ প্ৰজেক্ট ভি অ’ চি চি ৪৬ নং গাঁও পঞ্চায়তৰ সৈতে জড়িতসকল, স্থানীয় ৰাইজ আৰু পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সৈতে জড়িতসকলে অংশগ্রহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply