যোৰহাটৰ পৰা ৰণজিৎ দত্তঃ শিশু দিৱসৰ লগত সংগতি ৰাখি সমাজক এক নতুন বাৰ্তা দিয়াৰ চেষ্টাৰে যোৰহাটৰ দিগদৰ্শন প্ৰকাশন গোষ্ঠীৰ সৌজন্যত আৰু গোলাঘাটৰ কাঠকটিয়া গাঁৱৰ ৰাইজৰ সহযোগত “কিতাপ পঢ়োঁ আহা” শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰা হয়।
নৱপ্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ চিন্তাৰে আয়োজিত দিনজোৰা এই কাৰ্যসূচীত প্ৰায় তিনিশ শিশুক গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক কিতাপ পঢ়াৰ লগতে আনকো কিতাপ পঢ়িবলৈ উৎসাহ দিয়াৰ উদ্দেশ্য দিগদৰ্শন প্ৰকাশনে ছাত্ৰ-ছাত্ৰীক শিশু আৰু কিশোৰৰ উপযোগী গ্ৰন্থ প্ৰদান কৰা হয়।
দিগদৰ্শন প্ৰকাশনৰ হৈ “দিগদৰ্শন”ৰ সম্পাদক পংকজ কুমাৰ দাসে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত উপস্থিত সকলো অতিথিয়ে শিশু দিৱসৰ দিনা দিগদৰ্শন প্ৰকাশনে প্ৰতিবছৰে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিশু উপযোগী গ্ৰন্থ প্ৰদান কৰি অহা কাৰ্যক সকলোৱে শলাগ লয়।
লগতে পঢ়কঃশ্বহীদ সুমন স্বৰ্গীয়াৰী নশ্বৰ দেহ আহিপালে স্ব-ৰাজ্যত
গোলাঘাটৰ কাঠকটিয়া গাঁৱৰ ডি.টি.অ’ অফিচৰ সমীপত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কণ কণ শিশুসকলৰ মাজত চিত্ৰাংকন, প্ৰশ্নোত্তৰ,কবিতা পাঠ,সাধু কোৱা আদিৰে জীপাল হৈ উঠা এই অনুষ্ঠানত গোলাঘাটৰ বিশিষ্ট লেখিকা,জনপ্ৰিয় কবিতা পুথি “অকণিৰ কণ কথা”ৰ শ্ৰষ্টা, শিশুপ্ৰেমী নিৰু নাথক এটি স্মাৰক,গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰৰে “শিশু মহীয়ান”সন্মানেৰে আৰু যোৰহাট লিচুবাৰীৰ সুন্দৰ পথৰ নিবাসী, লেখিকা দিপ্তী বুঢ়াগোহাঁই বৰুৱাক শিশুৰ শাৰীৰিক,মানসিক,বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে “দিগদৰ্শন শিশু সাহিত্য”সন্মানেৰে সন্মানিত কৰাৰ লগতে একেটা অনুষ্ঠানতে দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গোলাঘাটৰ নিৰু নাথ আৰু যোৰহাটৰ দিপ্তী বুঢ়াগোহাঁই বৰুৱাৰ”কবিতা সম্ভাৰ”শীৰ্ষক কাব্যগ্ৰন্থ দুখনো উন্মোচন কৰা হয়।
নিৰ্দিষ্ট বক্তাৰূপে যোৰহাটৰ বালিগাঁও মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপিকা সভাপণ্ডিত,গ্ৰন্থ উন্মোচক ৰূপে বৰিগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰূমাৰাণী শৰ্মা বৰুৱা,কাৰ্বিআংলঙৰ বকলীয়াঘাটৰ ৰাষ্ট্ৰভাষা হাইস্কুলৰ শিক্ষয়িত্ৰী অদিতি দেৱী,শিশু বক্তাৰূপে দেৰগাঁৱৰ ডনবস্ক’ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ভাস্বতী বৰগোহাঁইয়ে বক্তব্য ৰখা অনুষ্ঠানত গোলাঘাট শালমৰা চাহ বাগিচাৰ এটি শিল্পী দলে ঝুমুৰ নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোকে মনোমুগ্ধ কৰে। অনুষ্ঠানৰ শেষত গীতাশ্ৰী বৰাই শলাগ জ্ঞাপন কৰে ।