যোৰহাটঃ যোৰহাট প্ৰেছ ক্লাৱত পদ্মশ্ৰী লখিমী বৰুৱাৰ জীৱনৰ আধাৰত পৰিবেশ কৰ্মী ,সাংবাদিক জিতু কলিতাৰ দ্বাৰা ৰচিত আৰু গ্ল’বেল মিডিয়াৰ দ্বাৰা প্ৰকাশিত ”অঘৰী জীৱনৰ সোণালী সপোন” নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড০অদিতি বেজবৰুৱাই।
ৰামায়ণী সাহিত্যৰ গৱেষক ড০মালিনীৰ সঞ্চালনাত অনুস্থিত অনুস্থানটিৰ বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভনী কৰে বাহনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা শকুন্তলা দেৱীয়ে।
অনুষ্ঠানটিত বিশিষ্ট অতিথি আসন অলংকৃত কৰে ডাঃ তুলতুল বৰাই। লগতে উপস্থিত থাকে বিভিন্ন অনুস্থান, প্ৰতিস্থানৰ মুৰব্বী, কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি।
লগতে পঢ়কঃমঙ্গলদৈত ই-ৰিস্কা চুৰি কাণ্ডৰ মূল অপৰাধী গ্ৰেপ্তাৰ