যোৰহাট- অসম মাতৃৰ এক সু সন্তান ,ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকালে অসম তথা যোৰহাটৰ নাম | সদ্য ঘোষিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এন ডি এ পৰীক্ষাত ৭৬ স্হান দখল কৰি যোৰহাট তথা অসমলৈ সু নাম কঢ়িয়াই আনিলে যোৰহাটৰ গৌতম বৰাই | যোৰহাট তৰাজান নাওশলীয়া গাৱৰ বিমান বৰা আৰু বন্দিতা বৰা এক মাত্ৰ সু যোগ্য সন্তান গৌতম বৰা | আৰ্মি পাব্লিক স্কুল যোৰহাট পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰা উত্তীৰ্ণ হোৱা গৌতমৰ সৰুৰে পৰা যুজাৰু বৈমানিক হোৱাৰ আকাংখ্যা আছিল আৰু সেই উদেশ্যেই এন,ডি,এ পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল আৰু প্ৰথম বাৰতে উত্তীৰ্ণ হৈছিল | উলেখ্য যে গৌতমৰ পিতৃও ভাৰতীয় সেনা বাহিনীৰ সৈনিক আছিল |
এক পুত্ৰ গৌতমৰ সাফল্যত যঠেষ্ট সুখি পৰিয়ালৰ লগতে অঞ্চলতোৰ ৰাইজ |
সৰুৰে পৰা এজন ভাল বৈমানিক হৈ দেশ সেৱা কৰিবলৈ মন থকা গৌতমৰ এন ডি এ হল প্ৰথম প্ৰচেষ্টা |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply