যোৰহাটঃ যোৰহাটত কোভিড প্ৰটকলৰ চূড়ান্ত উলংঘা কৰি বজাৰত ভিৰ কৰাৰ ফলত কঠোৰ হৈছে প্ৰশাসন । চহৰখনৰ মাজ মজিয়াতে বহা এখন বজাৰক লৈ বিশেষ সমস্যাৰ সৃষ্টি হৈছে যোৰহাট নগৰত।
গড়কাপ্তানী বিভাগৰ পথ ( নিউভিল ৰোড)ৰ ওপৰত বহা দৈনিক বজাৰ খনত জন সমাগমে জিলা খনত সংক্ৰমণ বৃদ্ধি হোৱাৰ শংকা প্ৰকাশ কৰিছে।
আৰু পঢ়কঃটীয়কত পানীত পৰি শিশুৰ মৃত্যু
নিতৌ বজাৰ খনত শ শ লোকৰ সমাগম হয়। নামানে কোনো ক’ভিডৰ নীতি নিয়ম। যোৰহাটত নতুনকৈ যোগদান কৰা উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু আৰক্ষী অধীক্ষক অংকুৰ জৈনে বজাৰখনৰ পৰিৱেশ প্ৰত্যক্ষ কৰি কেতবোৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে।
ব্যৱসায়ী সকলৰ কথা চিন্তা কৰি বজাৰখন অন্য বহল স্থানলৈ ভাগ ভাগ কৰি স্থানান্তৰৰ কথা তেওঁলোকে ব্যক্ত কৰে।
জিলা উপায়ুক্ত গৰাকীয়েই বুধবাৰৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিব বুলি মন্তব্য কৰে।