যোৰহাটঃ যোৰহাটত আজি পুৱাই উদ্ধাৰ হৈছে দুটাকৈ মৃতদেহ। হোটেল জি কে পেলেচৰ সন্মুখত উদ্ধাৰ হৈছে এটা মৃতদেহ আৰু আনটো উদ্ধাৰ হৈছে ৰাজামাও পুখুৰীত।
জিকে পেলেচৰ সন্মুখত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰায় ৫৫ বছৰীয়া পুৰুষৰ। স্থানীয় ৰাইজে মৃতদেহটো প্রত্যক্ষ কৰি মৃতলোকজন যোৰহাটৰ ইন্দ্ৰলোক নামৰ হোটেলখনত কৰ্মৰত আছিল বুলি জনায়। মঙলবাৰৰ লৈকে ব্যক্তিজনে সুস্থভাৱে হোটেল খনত কাম কৰি আছিল।
এনে ক্ষেত্ৰত কি কাৰণত পুৰুষজনৰ মৃত্যু ঘটিল এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে এই সন্দৰ্ভত প্ৰাথমিক অনুসন্ধান কৰি আছে।
আনহাতে, যোৰহাটৰ ৰাজামাও পুখুৰীতো উদ্ধাৰ হৈছে এটা মৃতদেহ। প্ৰাতঃভ্ৰমণলৈ অহা লোকে মৃতদেহটো প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহটো পুখুৰীৰ পৰা উদ্ধাৰ কৰে।
এইদৰে একেদিনাই দুটা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি যোৰহাটত চাঞ্চল্যৰ সৃষ্টি হৈছে।