যোৰহাটঃ সমগ্ৰ দেশৰ লগতে অসমতো কোৰোনাই কালৰূপ ধৰাৰ সময়ত বৰ্তমান সময়ত ৰাইজৰ একমাত্ৰ ভৰসাই হ’ল চিকিৎসক।
যেতিয়া এই চিকিৎসক সকলেই নিজৰ দায়িত্ব আৰু কৰ্তব্যক অবহেলা কৰি বেপেৰুৱা হৈ পৰে সৰ্বসাধাৰণ জনতা কাৰ ওচৰলৈ যাব।
যোৰহাটত তেনে এক ঘটনা পোহৰলৈ আহিছে শুকুৰবাবে। যোৰহাট মেডিকেল কলেজৰ কনিষ্ঠ চিকিৎসক হিচাবে কৰ্মৰত দুই চিকিৎসকক ৰাইজে ধৰি বান্ধি আৰক্ষীক গটাব লগা পৰিস্থিতিৰ সৃষ্টি হয়।
জিলা আৰক্ষী বিষয়াই জনোৱা মতে, ব্ৰহ্মপুত্ৰৰ আঠ নং স্পাৰত যুৱক-যুৱতীক সুৰাৰ ৰাগীত ব্ৰহ্মপুত্ৰত জলকেলি কৰি থকা দেখা পাই স্থানীয় ৰাইজে আবদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে দুয়োকে সুৰামত্ত অৱস্থাত উদ্ধাৰ কৰে ।
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে ৰাইজৰ সহযোগত উদ্ধাৰ কৰা যুৱক – যুৱতী দুগৰাকী গুৱাহাটীৰ প্ৰতীক সিংহাল আৰু সুকন্যা দাস। দুয়োগৰাকী যোৰহাট মেডিকেল কলেজত কনিষ্ঠ চিকিৎসক ৰূপে কৰ্মৰত।
তেওঁলোকে ব্যৱহাৰ কৰা মাৰুতী গাড়ীখনৰ পৰা সুৰাৰ বটল, ভাঙৰ চিলিমৰ লগতে বহুতো আপত্তি জনক সামগ্ৰী উদ্ধাৰ হৈছে।
যি সময়ত চৰকাৰৰ নিৰ্দেশ মতে সকলো চিকিৎসকক জৰুৰীকালীন চিকিৎসাত ব্যস্ত হ’বলৈ কোৱা হৈছে সেই সময়ত নিজৰ চিকিৎসা সেৱাৰ কেৰিয়াৰৰ আৰম্ভণীতে এনে ধৰনৰ বেপেৰুৱা মনোবৃত্তিৰ লোকৰ পৰা ৰাইজ কিমান উপকৃত হ’ব সেইটোহে চিন্তিত বিষয়।
আৰু পঢ়কঃচিকিৎসালয়ৰ মজিয়া চাফা কৰিলে ক’ভিড আক্রান্ত মিজোৰামৰ শক্তিমন্ত্রীয়ে