যোৰহাট – যোৰহাট জিলা ই-মিডিয়া সন্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন। অধিবেশন অনুষ্ঠিত হয় যোৰহাটৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ প্ৰেক্ষাগৃহত। পূৱা ন বজাত পতাকা উত্তোলন কৰে জিলা ই-মিডিয়া সন্থাৰ সভাপতিৰ ৰাজীৱ বৰাই।
অধিবেশনত যোৰহাট জিলা ই-মিডিয়াৰ পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়।পুনৰ ৰাজীৱ বৰাক সভাপতি আৰু উত্তম শইকীয়াক সম্পাদক হিচাপে লৈ ১৭ জনীয়া এখন নতুন সমিতি গঠন কৰা হয়। শনিবাৰে অনুষ্ঠিত সভাত উপস্থিত থাকে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰ জ্যোতি বৰুৱা লগতে কেইবাটাও জাতীয় সংগঠনৰ বিষয়ববিয়া সকল।
জেষ্ঠ সাংবাদিক ললিত বৰাই ই-মিডিয়াৰ অক্লান্ত নামৰ আলোচনীখন উন্মোচন কৰে। যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি আৰু সম্পাদকৰ লগতে জিলাখনৰ ই-মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ সকলো সাংবাদিক উপস্থিত থকা অধিবেশনখনত সাংবাদিকৰ বিভিন্ন সুবিধা-অসুবিধা সমূহৰ ওপৰত আলোচনা কৰা হয়।