যোৰহাটঃ সকাই খঙিয়া গাঁও কৃষি নিৰ্ভৰশীল যোৰহাটৰ এখন ভিতৰুৱা গাঁও। যাতায়তৰ পথো সুচল নহয়। নগৰলৈ যাবলৈও বহুত কষ্ট কৰি যাব লাগে গাওঁবাসী। কিন্তু আচৰিত হ’ব যে গাঁওখনৰ শতাধিক যুৱক-যুৱতীয়ে বিভিন্ন বিভাগত চৰকাৰী চাকৰি লাভ কৰিছে। চিকিৎসক, আৰক্ষী, সেনাবাহিনী, অৰ্ধ সামৰিক বাহিনী, বন বিভাগ ক’ত নাই গাঁওখনৰ চাকৰিয়াল। এই ভিতৰুৱা গাওঁখনৰ পৰা গৈ আমেৰিকা আৰু থাইলেণ্ডতো চাকৰি কৰে তিনিজনে।
শেহতীয়াকৈ অসম আৰক্ষীৰ উপ পৰিদৰ্শক, বেটেলিয়ান, টেট শিক্ষক আদিত বহু যুৱক-যুৱতীয়ে লাভ কৰিছে চাকৰি। ইয়াকে লৈ গাঁওবাসীৰ মনত আনন্দ উল্লাস। আচলতে বিভিন্ন চাকৰিৰ বাবে গাঁৱৰ যুৱক-যুৱতী সকলে একো একোটা গোট হৈ অনুশীলন কৰে। WhatsApp গ্ৰুপ খুলি প্ৰশ্ন-উত্তৰ আদি ভাগ বতোৱাৰা কৰে। গাঁৱত এখন খেল পথাৰ নোহোৱাত সমীপতে থকা ব্ৰহ্মপুত্ৰৰ বালিচৰত দৌৰাৰ অনুশীলন কৰে।
লগতে পঢ়কঃবন্ধ গুৱাহাটীৰ পেট্ৰ’ল পাম্পসমূহ, ভীষণ সমস্যা মহানগৰবাসীৰ
ইমানেই নহয় প্ৰত্যেক দেওবাৰে দেওবাৰে তেওঁলোকে পৰীক্ষাও অনুষ্ঠিত কৰে। খুটীয়াপাতা, খঙীয়া, এলেংমৰা আদি অঞ্চলৰ শিক্ষাৰ্থীসকল একগোট হৈ প্ৰস্তুতি চলাই পৰীক্ষা পাতে আৰু এইদৰে সকলোৱে অনুশীলন কৰি চৰকাৰী চাকৰিৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে।
অঞ্চলটোৰ শিক্ষাৰ্থীসকলে দৌৰৰ অনুশীলন কৰিবলৈ এখন খেলপথাৰ নাই। ব্ৰহ্মপুত্ৰৰ বালিচৰত অথবা বাৰিষা আহিলে পথাৰৰ মাজত দৌৰৰ অনুশীলন কৰিব লগা হয়, পথাৰতো শস্য ৰুই দিলে ৰাস্তাতে অনুশীলন কৰিব লাগে। সেয়েহে অঞ্চলটোৰ ৰাইজে এখন খেলপথাৰৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে যাতে উঠি অহা প্ৰজন্ম আগবাঢ়ি যোৱাত আৰু সহায় হয়।