যোৰহাটঃ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নাম অন্তৰ্ভুক্ত কৰিলে যোৰহাটৰ স্বপ্নালী নেওগে।
স্বপ্নালী নেওগে এটা ১১ছে.মি গিলাচৰ ওপৰত ১ ঘন্টা ৪২ মিনিট ৩৪ ছেকেণ্ডত ১৯২ খন দেশৰ ৰাষ্ট্ৰীয় পতাকা অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়কঃনগাঁও এৰি মুখ্য কাৰ্যালয়লৈ আনন্দ মিশ্ৰ
বৰ্তমান স্বপ্নালীয়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত সমাজবিজ্ঞান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত শিক্ষাগ্ৰহণ কৰি আছে।
যোৰহাট জিলাৰ ৰৰৈয়া ৰঙাই হাবি গাঁৱৰ স্বপ্নালী নেওগৰ এই সাফল্যত উৎফুল্লিত পৰিয়ালৰ লগতে যোৰহাটবাসী ৰাইজ।