যোৰহাটঃ ৰাজ্যৰ স্বাস্হ্যখণ্ডলৈ এক ইতিবাচক খবৰ৷ ২৮ এপ্ৰিলত যোৰহাটত মুকলি হ’ব কেন্সাৰ হস্পিতাল৷ ৰাইজৰ বাবে মুকলি কৰাৰ পূৰ্বে যোৰহাট মেডিকেল কলিজ চৌহদত নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷
লগতে পঢ়কঃতিনি মহলীয়া অট্টালিকাৰ পৰা পেলাই দিলে বনকৰা কিশোৰীক: গ্ৰেপ্তাৰ এজন
স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে, টাটা ফাউণ্ডেচনৰ লগত ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত ৰাজ্যত ৭ খন কেন্সাৰ হস্পিতাল নিৰ্মাণৰ পৰিকল্পনাৰ পৰিপ্ৰেক্ষিতত ২৮ এপ্ৰিলত যোৰহাটৰ এই কেন্সাৰ হস্পিতাল মুকলি কৰা হ’ব। ৰাজ্যৰ সাতখন জিলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আধাৰশিলা কাৰ্যসূচীত অংশ ল’ব।