নিউজ ডেস্কঃ যোৰহাটৰ চটাইত নাহৰফুটুকীৰ মুক্ত বিচৰণ। চটাইৰ বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰত হাঁহাকাৰ পৰিৱেশ স্থানীয় বাসিন্দাৰ মাজত। নাহৰফুটুকীটোৱে বাহনত সোমাই আক্ৰমণ কৰিছে বন কৰ্মীকো।
জানিব পৰা মতে, তিনিগৰাকী বন কৰ্মী আহত হৈছে নাহৰফুটুকীটোৰ আক্ৰমণত। তুদপৰি, এটি শিশুসহ এগৰাকী মহিলাও আহত হৈছে বাঘটোৰ আক্ৰমণত। তেওঁলোকক ইতিমধ্যে ভৰ্তি কৰা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত।
পুৱাৰে পৰা নাহৰফুটুকীটোৱে মুক্ত বিচৰণ কৰি থকাৰ ফলত ঘৰৰ বাহিৰলৈ ওলাই অহা নাই স্থানীয় লোকসকল। ইফালে, বন কৰ্মীয়েনাহৰফুুটুকীটোক পিঞ্জৰাৱদ্ধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।